গৰু ৰাজনীতিত লাভৱান হ’ব মিঞা

গৰু মাংস খোৱা বন্ধ কৰিলে বাৰু ঠিকেই আছে কিন্তু এতিয়াৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়াত মানুহতকৈ বেছিহে হ’ব গৰুৰ সংখ্যা উজনিৰ দুয়োখন জিলাতে এনেয়েও ৰাস্তাত ভৰ্তি হৈ থাকে গৰু প্ৰতি ৫০০ মিটাৰত গৰুৰ বাবেই গাড়ীৰ স্পীড কমাব লাগে এতিয়া উদঙীয়া গৰুৰ বাবেই জিলা দুখনত অভাৱ হৈছে শাক-পাচলিৰ৷ আছলতে খাৰুপেটীয়া অথবা নগাঁৱৰ পৰা উজনিলৈ পাচলি কঢ়িয়াবলগীয়া হোৱাৰ মূল কাৰন হৈছে গৰু ধান কটাৰ পিছৰে পৰা অসমীয়া ৰাইজৰ গৰু এৰাল দিয়াৰ নিয়মেই নাই গতিকে ধানৰ বাহিৰে বাকী খেতি কৰিব লাগিলে মূলধনতকৈ দুগুণ ধন জেওৰা দিয়াত খৰচ হয় আজিকালি বাঁহৰ জেওৰায়ো গৰু ৰাখিব নোৱাৰা হ’ল বাঁহেৰে দিয়া জেওৰা শিঙৰে খুচি খুচি গৰুৱে খুলিব জনা হ’ল যাৰ বাবে উজনিত ব্যৱহাৰ কৰা হয় ব্লেডৰ তাৰ৷ সংখ্যা অধিক হোৱাৰ বাবে তিনিচুকীয়াৰ ৰাস্তাতে গায়ে পোৱালি দিয়াৰ দৃশ্য সূলভ হৈ পৰিছে বৰষুণ দিলেও পথত গাড়ীতকৈ গৰু বেছি ওলায় এতিয়া গৰু বিক্ৰী হ্ৰাস হ’লে পৰিস্থিতি ইয়াতকৈয়ো হ’ব ভয়ংকৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial