এয়াহে বাকী আছিল!

৩৯ বছৰীয়া ৰণবীৰ সিঙে ৰোমাঞ্চ কৰিব ছাৰা অৰ্জুনৰ সৈতে৷ স্ক্ৰীনত তেওঁ আলিংগন কৰিব ১৯ বছৰীয়া ছাৰাক পৰৱৰ্তী চিনেমাখনতে কন্যাৰ বয়সৰ অভিনেত্ৰীৰ সৈতে ৰণবীৰে অভিনয় কৰিব৷ এই খবৰটোৱে বলীউডত তোলপাৰ লগাইছে মাত্ৰ ১৯ বছৰ বয়সীয়া ছাৰাৰ সৈতে অভিনয় কৰিবলৈ ৰণবীৰ মান্তি হোৱা বুলি শুনিয়েই বেয়া পাইছে অনুৰাগীয়ে খবৰ অনুসৰি আদিত্য ধৰৰ বিগ বাজেটৰ চিনেমাখনৰ নায়িকা হ’ব ছাৰা তেওঁৰ বিপৰীতে অভিনয় কৰিব ৰণবীৰ সিঙে৷ ৰাজ অৰ্জুনৰ কন্যা ছাৰা অৱশ্যে বলীউডত পৰিচিত তেওঁ ছবছৰ বয়সতে এড ফিল্মত অভিনয় কৰিছিল তেতিয়াৰ পৰা শিশু শিল্পী হিচাপে বিভিন্ন চৰিত্ৰত ছাৰাই ভূমুকি মাৰিছে বলীউডত আত্মপ্ৰকাশৰ বাবে সাজু হোৱা ছাৰাৰ প্ৰথমখন চিনেমাতে কেবাশ কোটি টকা বিনিয়োগ কৰিব প্ৰযোজকে সেয়ে তেওঁ নায়ক হিচাপে বিচাৰিছে ছুপাৰষ্টাৰ ৰণবীৰক৷ সেইসূত্ৰেই ১৯ বছৰীয়া ছাৰাৰ সৈতে ৰোমাঞ্চ কৰিবলৈ মন বান্ধিছে ৩৯ বছৰীয়া ৰণবীৰে৷সুন্দৰী পত্নী দীপিকা মাতৃ হোৱাৰ পিছত ছাৰাৰ বিপৰীতে অভিনয় কৰাৰ বাবে ৰণবীৰে লৈছে কেবাকোটি টকা৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial