পুৱাৰ পৰা গ্ৰামীণ বিকাশ বেংকত মহিলাৰ লাইন

চৰকাৰে মন দিয়া নাই কিন্তু লাহে লাহে বেয়া হৈছে গ্ৰামীণ বিকাশ বেংকটোৰ অৱস্থা গ্ৰাহক সোমাব নোৱাৰা অৱস্থা হৈছে গ্ৰামীণ বিকাশ বেংকত৷ ৰাজ্যৰ প্ৰতিটো গ্ৰামীণ বিকাশ বেংকৰ শাখাতে পুৱাৰ পৰা গধূলিলৈ হয় অবৰ্ণনীয় ভিৰ ফলত বেংকিঙৰ সাধাৰণ কামবোৰ কেতিয়াও সময়মতে হৈ নুঠে কাৰণ গ্ৰামীণ বিকাশ বেংকৰ একাউণ্টত সোমাই চৰকাৰী হিতাধিকাৰী আঁচনিৰ ধন সেইবাবে বেংকটোৰ প্ৰতিটো শাখাতে পুৱা চাৰি বজাৰ পৰা হিতাধিকাৰী মহিলাসকলে লাইন পাতে মাহৰ প্ৰতিটো দিনটে অৰুণোদইৰ পইচা উলিয়াবলৈ বেংকৰ দুৱাৰলৈ লাইন পাতি থাকে হিতাধিকাৰী মহিলাই৷ সেইবাবে প্ৰতিটো শাখাতে গ্ৰীল প্ৰায়ে জপায়েই থোৱা হয় তেওঁলোকৰ মাজেৰে গৈ গ্ৰামীণ বিকাশ বেংকত সোমাবলগীয়া হয় ব্যক্তিগত কামত যোৱা গ্ৰাহক কিন্তু হিতাধিকাৰী আঁচনিৰ কাম কৰি বিৰক্ত বেংকৰ কৰ্মচাৰীয়ে আন গ্ৰাহকৰ পইচাৰ লেনদেন কৰিবলৈয়ো অশান্তি পোৱা হৈছে৷ ফলত স্থবিৰ হৈ পৰিছে অসম গ্ৰামীণ বিকাশ বেংকৰ কাম

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial