তৃপ্তি ডিমৰী আৰু ৰশ্মিকা মন্ধনাৰ দিন উকলিল
নতুন নেশ্যনেল ক্ৰাছৰ স্বীকৃতি পালে মীনাক্ষি চৌধুৰীয়ে৷ লাকী ভাস্কৰ নামৰ চিনেমাখনৰ নায়িকা মীনাক্ষি হৈ পৰিছে অনুৰাগীৰ নয়নৰ মণি৷
উঠন বকুৰ হৰিণীনয়না যুৱতীগৰাকী অৱশ্যে আগতে আছিল অপৰিচিত৷ তেওঁ আছিল মডেল৷
কিন্তু লাকী ভাস্কৰ নামৰ চিনেমাখনত অভিনয়ৰ পিছত তেওঁ হৈ পৰিল চিনাকী অভিনেত্ৰী৷ ২৭ বছৰীয়া সুন্দৰী অভিনেত্ৰীগৰাকী হাৰিয়ানাৰ কন্যা৷ তেওঁ মিছ ইণ্ডিয়া ফেমিনাত হাৰিয়ানাক প্ৰতিনিধিত্ব কৰিছিল৷
তেলুগু চিনেমাতো মীনাক্ষিয়ে অভিনয় কৰিছে৷ কিন্তু বহুদিন মডেলিং কৰি থকাৰ পিছতো বলীউডতো মীনাক্ষিয়ে সুযোগ পোৱা নাছিল৷
ইনষ্টাগ্ৰামত মীনাক্ষিৰ আছে প্ৰায় ২২ লাখ ফল’ৱাৰ্ছ৷ এতিয়া তেওঁ বলীউডত হৈ পৰিছে কেবাজনো প্ৰযোজকৰ পছন্দৰ নায়িকা৷ মীনাক্ষিয়ে লাভ কৰিছে নতুন চিনেমাৰ অফাৰ৷
কিন্তু শেহতীয়া খবৰ অনুসৰি মীনাক্ষি বিবাহৰ বাবেও সাজু হৈছে৷ নাগাৰ্জুনৰ ভতিজাৰ সৈতে প্ৰেমচত মছগুল হৈ আছে মীনাক্ষি৷