কোনেও একো নক’লে

আজি কোনো ৰণোজ পেগুৰ কাষত নাই, ৰণোজ পেগুৰ হৈ মাত মাতিবলৈয়ো কাৰো সময় নাই৷
এজন স্বয়ম্ভূ বিজেপি নেতাই ৰণোজ পেগুৰ বিষয়ে কোৱা কথাৰ অডিঅ’ ইতিমধ্যে ৰাজ্যত ভাইৰেল হৈছে৷ শিক্ষামন্ত্ৰীৰ বিষয়ে ইমানেই অশ্লীল ভাষা কোৱাৰ পিছতো কিন্তু দলে আকাশ ফুকন নামৰ যুৱকজনক শাস্তি দিয়া নাই৷
কেৱল নিয়মমাফিকভাৱেহে আকাশ ফুকনে ক্ষমাপ্ৰাৰ্থনা কৰিছে৷ ৰণোজ পেগুক অভব্য আচৰণ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কিন্তু বাজপেয়ী ভৱৱনে নিলম্বনৰ দৰে শাস্তিৰ নিৰ্দেশ দিয়া নাই৷
আনকি মিচিং সংগঠনেও এই বিষয়ত ৰহস্যজনক মৌনতা অৱলম্বন কৰিছে৷ TMPKৰ দৰে সংগঠন সচৰাচৰ সকলো বিষয়তে সক্ৰিয় হৈ থাকে৷ কিন্তু এইবাৰ ৰহস্যজনকভাৱে ৰণোজ পেগুৰ বিষয়ত নীৰৱ হৈ পৰিছে৷
একেদৰে MMK অথবা TMMKৰ নিচিনা মিচিং সংগঠনেও ৰণোজ পেগুৰ হৈ এষাৰো কথা কোৱা নাই৷ একালৰ সংগ্ৰামী নেতাজনক অকলশৰীয়া কৰি সকলোৱে নিতাল মাৰিছে৷
শিক্ষামন্ত্ৰীৰ বাবে অপমানজনকভাৱে কোনেও আকাশ ফুকনক দিয়া নাই সকীয়নি৷ পৰিৱেশটো ৰণোজ পেগুৰ বাবেই হৈ পৰিছে চৰম অস্বস্তিদায়ক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email