পথৰ কাষতে পেলাই ব্যৱহৃত কনড’ম

ইউনিছেক্স পাৰ্লাৰত দেহ ব্যৱসায় পতিতালয় নে পাৰ্লাৰ? হয়, কেবাখনো পাৰ্লাৰত চলি আছে যৌনতাৰ বেহা তেজপুৰৰ এখন ইউনিছেক্স পাৰ্লাৰত দেহ ব্যৱসায় চলি থকা অভিযোগ দীৰ্ঘদিনৰ পৰাই উত্তাপিত হৈছিল আমি লাভ কৰা অভিযোগ অনুসৰি ইউনিছেক্স পাৰ্লাৰখনৰ ভিতৰত আছিল একাধিক কোঠালি গোপন কোঠালিত চলাই যোৱা হৈছিল দেহ ব্যৱসায় দীৰ্ঘদিন ধৰি তেজপুৰত চলি থকা অবৈধ বেশ্যালয়খন ৰাইজে ধৰা পেলাবলৈ সক্ষম হ’ল তেজপুৰৰ কেতেকীবাৰীৰ স্থানীয় একাংশ যুৱকে কালি চলোৱা স্বচ্ছতা অভিযানৰ সময়ত এখন পাৰ্লাৰৰ সমীপত উদ্ধাৰ কৰিছিল কনড’ম তাৰ পিছতে নিশা পথৰ কাষত ইউনিছেক্স পাৰ্লাৰৰ পৰা আৱৰ্জনা পেলাবলৈ অহা কৰ্মচাৰীক স্থানীয় লোকে কৰায়ত্ত কৰি আৱৰ্জনাৰ টোপোলা পৰীক্ষা কৰে তেতিয়াই ওলাই পৰে গৰ্ভনিৰোধকে ধৰি ব্যৱহৃত কনড’ম এনে ঘটনাৰ পিছতে আজি স্থানীয় পুৰুষ-মহিলাৰ এটা দল ওলাই আহি পাৰ্লাৰখনত অভিযান চলাই কৰ্মচাৰীক জৱাবদিহি কৰে স্থানীয় লোকৰ অভিযানত নিশাৰ দৰে দিনৰ পোহৰতো পাৰ্লাৰখনৰ ভিতৰত উদ্ধাৰ হয় গৰ্ভনিৰোধ আনহাতে ৰাইজৰ দলে উক্ত এইখন চেলুনৰ লগতে আন আন এনে চেলুনত অভিযান চলাই পাঁচগৰাকী মহিলাক কছাৰীগাঁও আৰক্ষী চকীত চমজাই দিয়ে অভিযোগ অনুসৰি বহিঃৰাজ্যৰ একাংশ লোকে এইদৰে কোনো অনুমতি অবিহনেই এইদৰে ব্যৱসায়ৰ নামত দুষ্কাৰ্য চলাই গৈছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial