বিদেশৰ ধনেৰে এজল জেহাদী সাজু কৰিছে চুবুৰীয়া ইছলামিক ৰাষ্ট্ৰই ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ হাতিয়াৰ হৈ পৰিছে ৰহিংগ্যা সন্ত্ৰাসবাদী পাকিস্তানৰ সৈতে মিলি ভাৰতৰ সৰ্বনাশ কৰিবলৈ চুবুৰীয়া ৰাষ্ট্ৰখনে জেহাদীক দিছে কঠোৰ প্ৰশিক্ষণ এছিয়াত ইছলামিক খলিফাতন্ত্ৰ গঢ়ি তোলাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বাবে ছৌদি আৰব আৰু মালয়েছিয়াৰ পৰাও পুঁজি আহিছে বাংলাদেশ আৰু পাকিস্তানৰ বন্ধুত্ব বৃদ্ধিৰ বিষয়ে অনুসন্ধান চলাই ভাৰতীয় চোৰাংচোৱাই উদঘাটন কৰিছে এই বিস্ফোৰক তথ্য৷ ৰহিংগ্যা সন্ত্ৰাসবাদীৰ জৰিয়তে ভাৰত ৰক্তাক্ত কৰিবলৈ মৌলবাদীয়ে ৰচনা কৰা চক্ৰান্তৰ বিস্তাৰিত সম্ভেদ নৰ্থব্লকত ইতিমধ্যে দাখিল কৰিছে গুপ্তচৰে প্ৰাপ্ত তথ্য অনুসৰি পাকিস্তানৰ পৰা এখন জাহাজে বাংলাদেশত কিছুদিন পূৰ্বে প্ৰৱেশ কৰিছিল চিটাগঙৰ বন্দৰত উক্ত পাকিস্তানী নৌকাৰ অৱস্থানৰ উমান পাইছিল গুপ্তচৰে কিন্তু লাহে লাহে ৰহস্যৰ চাদৰ আঁতৰ হৈছে৷ বিদেশী শক্তিৰ সহায়ত গণতন্ত্ৰ নি:শেষ হোৱাৰ পিছত বাংলাদেশত মৌলবাদীৰ বিস্তাৰত যে পাকিস্তানে হাত উজান দিছে সেয়াও প্ৰমাণ কৰিছে চোৰাংচোৱাই উচ্চস্তৰীয় সূত্ৰই সদৰী কৰা অনুসৰি বাংলাদেশৰ বিশেষ এলেকাত হাজাৰোধিক ৰহিংগ্যা সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণৰ সবিশেষ গুপ্তচৰে উদ্ধাৰ কৰিছে এইসকলৰ সামৰিক শিক্ষণৰ বাবে বিদেশৰ পৰা ২ কোটি লাখ টকা আমদানি হোৱা বুলিও নিশ্চিত হৈছে গৃহ দপ্তৰ ভাৰতীয় চোৰাংচোৱাৰ চকুত ধূলি দিবলৈ ধনৰাশি দুখন ইছলামিক দেশৰ পৰা কেবাটাও পথেৰে সৰবৰাহ কৰা হৈছে কিন্তু মালয়েছিয়া আৰু ছৌদি আৰবৰ পৰাই যে পুঁজি যোগান ধৰা হৈছে সেয়া নিশ্চিত কৰিছে গুপ্তচৰে