অনৈক্যৰ বাবে হতাশ হৈ পৰিছে মমতা বেনাৰ্জী বিজেপিক পৰাভূত কৰিবলৈ একত্ৰিত হৈয়ো বিৰোধী নেতাসকলে আৰম্ভ কৰা খোৱা-কামোৰাই বিশৃংখলতাৰ সৃষ্টি কৰা বুলি ভাবিছে বংগৰ মুখ্যমন্ত্ৰীয়ে সেয়ে তেওঁ পৰাপক্ষত ইণ্ডিয়াৰ নেতাসকলৰ সৈতে দূৰত্ব বজাই ৰাখিছে৷ উচিত সময়ত সন্মিলিত বিৰোধীৰ সংগ ত্যাগৰ কথাও ভাবিছে মমতা বেনাৰ্জীয়ে বংগত মনৰ কথা প্ৰকাশ কৰি এইদৰেই ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ তেওঁ ক’লে যে বৰ্তমানৰ নেতৃত্বই ইণ্ডিয়া পৰিচালনাত ব্যৰ্থ হৈছে৷ সুগম পৰিচালনা অবিহনে বিৰোধী মৰ্চা সফল নহয় বুলিও মমতাই ভৱিষ্যদ্বাণী কৰিছে আনহাতে আকৌ নিজেই সন্মিলিত পক্ষৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ বেনাৰ্জীয়ে আগ্ৰহ প্ৰকাশ কৰিছে দায়িত্ব লাভ কৰিলে কলকাতাৰ পৰাই ৰাষ্ট্ৰীয় ৰাজনীতি পৰিচালনা কৰিব বুলিও মন্তব্য কৰিছে মমতাই৷ আনহাতে তেওঁৰ শেহতীয়া মন্তব্যই প্ৰকাশ কৰিছে ইণ্ডিয়াৰ বিভাজিত অৱস্থা বিৰোধী মৰ্চা যে সন্মিলিত হৈ থকা নাই সেয়া মমতাৰ মন্তব্যই প্ৰমাণ কৰিছে গতিকে নিশ্চিত হৈছে বিজেপি বিৰোধী শক্তিৰ বিভাজন৷ কংগ্ৰেছৰ মইমতালিত ক্ষুণ্ণ হৈ পৰা মমতাই দিছে প্ৰস্থানৰ স্পষ্ট ইংগিত