কাঠমোল্লা দেশৰ বাবে অপকাৰী

এইখন হিন্দুস্থান এই দেশ সংখ্যাগৰিষ্ঠৰ ইচ্ছা অনুসৰি পৰিচালিত হ’ব গতিকে দেশ সংখ্যাগৰিষ্ঠ হিন্দুৰ মতেই চলিব৷ এই মন্তব্য কোনো সাধাৰণ লোকে কৰা নাই কৈছে এলাহাবাদ হাইক’ৰ্টৰ বিচাৰক শেখৰ যাদৱে৷ বিশ্ব হিন্দু পৰিষদৰ সভাত অংশগ্ৰহণ কৰি ন্যায়াধীশজনে নিসংকোচে ব্যাখ্যা কৰিলে বহু বিতৰ্কিত কথা৷ ন্যায়পালিকাত পক্ষপাতিত্বৰ কলংকৰ চেকা লগাই শেখৰ যাদৱে কাঠমোল্লাৰ মতে দেশ নচলে বুলিও অভিহিত কৰিলে তেওঁ ক’লে যে ভাৰতৰ পৰিয়াল বা সমাজৰ ধাৰণাই সংখ্যাগৰিষ্ঠৰ নীতিৰে পৰিচালিত অৰ্থাৎ হিন্দু নীতি অনুসৰিয়েই দেশ সামাজিকভাৱে প্ৰচলিত হৈ আহিছে তদুপৰি ন্যায়তন্ত্ৰও সংখ্যাগৰিষ্ঠৰ ইচ্ছা অনুসৰিয়েই পৰিচালিত হয় বুলিও তেওঁ যুক্তি প্ৰদৰ্শন কৰিলে ধৰ্মীয় নেতাৰ দৰে ভাষণত তেওঁ ক’লে যে হিন্দু সমাজৰ মাজত সতী, অস্পৃশ্যতা আদিৰ দৰে কু-প্ৰথা কাহানিবাই নিৰ্মূল হ’ল৷ কিন্তু মুছলমানৰ মাজত বহুবিবাহৰ নিয়ম বৰ্তমানো প্ৰচলিত হৈ আছে হিন্দু সমাজত মহিলাক দেৱীৰ সৈতে তুলনা কৰা হয়, কিন্তু ইছলাম ধৰ্মত হালালাৰ দৰে নিয়ম চলি আছে বুলি তেওঁ ক্ষোভ ব্যক্ত কৰিলে৷ বহুবিবাহ মানি ল’ব নোৱাৰি বুলিও ব্যক্ত কৰা ন্যায়াধীশে বিশ্ব হিন্দু পৰিষদৰ সভাত ৰাম মন্দিৰৰ কথাও ব্যাখ্যা কৰিছে সীমা চেৰাই তেওঁ কয় যে আমাৰ পূৰ্বপুৰুষে ৰাম লালাৰ স্থাপনৰ বাবে অপৰিসীম ত্যাগ স্বীকাৰ কৰিলে আমিও জীৱনকালতে ৰাম মন্দিৰৰ নিৰ্মাণ দেখিলোঁ৷ তদুপৰি ইউনিফৰ্ম চিভিল ক’ডো শীঘ্ৰে দেশত কাৰ্যকৰী হ’ব বুলিও তেওঁ ব্যক্ত কৰিলে৷ এলাহাবাদ হাইক’ৰ্টৰ বিচাৰক শেখৰ যাদৱে কয় বিতৰ্কৰ সূচনা কৰি ক’লে যে গাই, গীতা আৰু গংগাই হৈছে এই দেশৰ সংস্কৃতি এই দেশ ভগৱানৰ ভূমি বুলি অভিহিত কৰি তেওঁ নিসংকোচে ইছলামিক নিয়মকো ঠাট্টা কৰিলে৷ প্ৰয়াগৰাজত অনুষ্ঠিত বিশ্ব হিন্দু পৰিষদৰ আইন কোষৰ সভাত তেওঁ দিয়া ভাষণে স্বাভাৱিকতে বিবাদৰ সূত্ৰপাত কৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial