মৰুভূমিৰ মাজৰ গোলাপ এপাহৰ দৰেই ফুলি আছিল আছমা আছাদ ৰূপহী ভাৰ্যাৰ সৌন্দৰ্যৰ আলোকেৰে সুশোভিত হৈ আছিল ডামাস্কাছৰ ৰাজকাৰেং বাছাৰ অল-আছাদৰ ৰূপৱতী পত্নীয়ে স্বামীৰ হৈ চলাইছিল ৰাজকাৰ্য লণ্ডনত জন্মা মহিলাগৰাকী আছিল ছিৰিয়াৰ ৰাষ্ট্ৰীয় সৌন্দৰ্যৰ প্ৰতীকৰ দৰে অত্যাধুনিক সাজেৰে অহৰহ সুশোভিত আছমাক মৰুভূমিৰ গোলাপ বুলিয়েই অভিধা দিয়া হৈছিল পিছে বিদ্ৰোহীয়ে ছিঙি পেলালে সেইপাহি প্ৰস্ফূটিত ৰঙা গোলাপ ডামাস্কাছৰ ৰাজপ্ৰাসাদ শুৱনি কৰি থকা আছমাও আজি স্বামীৰ সৈতে পলাল অজ্ঞাত স্থানলৈ ৰাষ্ট্ৰপতি বাছাৰ অল-আছাদৰ সৈতে পলায়ন কৰিবলগীয়া হ’ল মহিলাগৰাকী৷ হায়াট তাহৰিৰ অল-ছাম নামৰ সংগঠনৰ বিদ্ৰোহ তুংগত উঠাৰ সময়ত সকলোৱে বিচাৰিছে আছমাৰ সন্ধান কিন্তু কোনেও উমান পোৱা নাই আছাদৰ সুন্দৰী পত্নীৰ অৱস্থানৰ অনুমান অনুসৰি এতিয়াও ছিৰিয়াৰে অজ্ঞাত স্থানত লুকাই আছে আছমা হিংস্ৰ প্ৰতিবাদীৰ কোপৰ পৰা ৰক্ষাৰ্থে আছাদৰ জ্যেষ্ঠ ভাতৃ মাহেৰ অল-আছাদেও পলায়ন কৰিছে৷
ৰাষ্ট্ৰপতিৰ মাতৃ আনিছা মকল’ফ আৰু ভগ্নী বুছৰা অল-আছাদেও পলাই ফাট মাৰিছে৷ আনহাতে তিনি সন্তানৰ সৈতে আছাদৰ পত্নী আছমাই ৰাছিয়াত আশ্ৰয় লোৱা বুলিও অনুমান কৰিছে পশ্চিমীয়া সংবাদ মাধ্যমে শ্বেখ হাছিনাৰ বাবে ভাৰত নিৰাপদ হোৱাৰ দৰেই আছাদ পৰিয়ালৰ কাৰণেও ৰুছ চৰকাৰ হৈ পৰিছে সুৰক্ষিত আশ্ৰয়দাতা৷ গতিকে তেওঁলোকে মস্কোৰ সমীপতে শৰণাৰ্থী হোৱা বুলি প্ৰকাশ পাইছে৷ কিন্তু মৰুভূমিৰ গোলাপ আছমাৰ বিষয়ে সকলোৱে বিচাৰিছে নিশ্চিত খবৰ