হাইক’ৰ্ট উত্তৰ গুৱাহাটীলৈ নিয়াৰ বাবে চলি আছে প্ৰস্তুতি কিন্তু ১৯৩৪ চনত স্থাপিত হাইক’ৰ্ট ছিলঙত পাতিবলৈয়েই তেতিয়াৰ প্ৰধানমন্ত্ৰী ছৈয়দ ছাদুল্লাই সিদ্ধান্ত লৈছিল কিন্তু স্বাধীনতাৰ পিছত অনুষ্ঠিত প্ৰথমখন বিধানসভাত হাইক’ৰ্টত গুৱাহাটীতে স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল গুৱাহাটীত প্ৰথম হাইক’ৰ্ট নিৰ্মাণৰ সময়ত মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি ঠিকাদাৰ আছিল গোবিন্দ ভট্টাচাৰ্য এতিয়াৰ হাইক’ৰ্ট থকা ঠাইত তেতিয়া আছিল ইউৰোপীয়ান ক্লাব, বাকী অংশ আছিল খেলপথাৰ। খেলা-ধূলাৰ ঠাই সীমিত কৰি হাইক’ৰ্ট বনোৱাৰ বিৰুদ্ধে প্ৰতিবাদত নামিছিল গুণাভিৰাম চৌধুৰী, ধীৰেন বৰুৱা আদি। কিন্তু খঙত অগ্নিশৰ্মা হৈ মুখ্যমন্ত্ৰী মেধিয়ে তাচ্ছিল্য কৰিছিল- ওঁঠ টিপিলে গাখীৰ ওলোৱা ছলিৰ কথাত সেও মানি মই কি হাইক’ৰ্ট নবনাম! তেতিয়া নতুন অসমীয়া কাকতত বহুলভাবে প্ৰকাশ হৈছিল এই সংঘাতৰ বাতৰি গুৱাহাটী হাইক’ৰ্টত পাৰ্কিঙৰ ঠাইৰ অভাৱৰ বাবে শৰৎ চন্দ্ৰ সিংহ চৰকাৰৰ আমোলত লতাশিল খেলপথাৰৰ এটা অংশ দখলৰ যো-জা চলিছিল কিন্তু উজান বজাৰৰ ৰাইজৰ প্ৰতিবাদ আৰু মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত সেয়া সফল নহ’ল এতিয়া ঐতিহ্যমণ্ডিত হাইক’ৰ্টকে গুৱাহাটীৰ মাজমজিয়াৰ পৰা আমিনগাৱঁৰ ৰংমহললৈ উঠাই নিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে