ক’ত পাতিব নোৱাৰিব গৰু মাংসৰ ভোজ

আগৰ দৰে ইস্তেমাত হ’ব নোৱাৰিব গো-মাংসৰ ভোজ আকিকাও দিব নোৱাৰিব ইছলামধৰ্মী লোকে৷ একেদৰে জলছাতো গৰু মাংস খাব নোৱাৰিব অসমৰ মুছলমানে যদি ধৰ্মীয় অনুষ্ঠানতো গো-মাংস খাই তেন্তে শাস্তি ভুগিব লাগিব অসমৰ ইছলামধৰ্মীয়ে চৰকাৰে অনলাইন কেবিনেটত গ্ৰহণ কৰা সিদ্দান্তৰ পিছত এই কথা স্পষ্ট হৈছে নিৰ্দেশ অনুসৰি ৰাজহুৱাকৈ কোনেও গো-মাংস খাব নোৱাৰিব গতিকে প্ৰশ্ন হয়- কোনবোৰ স্থানত মুছলমানে খাব নোৱাৰিব গৰু মাংস নিৰ্দেশনা অনুসৰি ইছলামধৰ্মীৰ পৱিত্ৰ অনুষ্ঠান ইস্তেমাত কোনেও গো-মাংসৰ ভোজ দিব নোৱাৰিব পৰম্পৰা অনুসৰি মনোকামনা পূৰ্ণ হোৱাৰ বাবে বহুতো লোকে ইস্তেমাত আকিকা অ্থাৎ দক্ষিণা আগবঢ়ায় তেওঁলোকে ইস্তেমাত দিয়ে গৰু একেদৰে জলছাতো ধৰ্মীয় পৰ্ব শেষ হোৱাৰ পিছত গৰু মাংসৰ ভোজ আছিল পূৰ্বে সাধাৰণ কথা কিন্তু এতিয়াৰ পৰা ইস্তেমা আৰু জলছাত গো-মাংস পৰিৱেশন বে-আইনী বুলি গণ্য কৰা হ’ব শীতকালত ৰাজ্যৰ ভিন্নপ্ৰান্তত লাখ লাখ লোকৰ সমাৱেশেৰে অনুষ্ঠিত হোৱা ইস্তেমাত গৰু মাংস খাব নোৱাৰিব অসমৰ মুছলমানে অন্যথা সোমাব লাগিব জে’লত৷ ভুগিব লাগিব কাৰাদণ্ড

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial