ফোন চলোৱাৰ বাবে আপোনাৰ কিমান টকা খৰচ হয়?
এমাহতে যে কমেও ৬০০ টকা খৰচ কৰিব লাগে সেই কথা আমি ভবাই নাই৷ কিন্তু স্মাৰ্ট মিটাৰত কাৰেণ্টৰ বিলৰ কথা পাতি থাকোতেই ফোনৰ ৰিচাৰ্জৰ অত্যধিক খৰচেও জুৰুলা কৰিছে গ্ৰাহকক৷
আমি চলোৱা জৰীপত লাভ কৰা তথ্য অনুসৰি অসমৰ ৮৫ শতাংশ লোকৰে আছে দুটাকৈ ছিম৷ ডাবল ছিমৰ মোবাইলত তেওঁলোকে দুটা নম্বৰ চলায়৷
গতিকে মাহিলী দুটা ছিমত কৰে ৰিচাৰ্জ৷ কিন্তু প্ৰায়বোৰ কোম্পানীৰে এমহীয়া ৰিচাৰ্জ পেকৰে দাম কমেও ৩০০ টকা৷ সেই হিচাপে এমাহত এজন গ্ৰাহকে ফোন আৰু ইণ্টাৰনেটৰ নামত খৰচ কৰিব লাগে ৬০০ টকা৷
একেটা হিচাপতে বছৰি ৭ হাজাৰোধিক টকা ফোনৰ ৰিচাৰ্জৰ নামত পকেটৰ পৰা ওলাই যায়৷ অৰ্থাৎ এখন ঘৰৰ মাত্ৰ এজন সদস্যয়েই ফোনৰ বাবে খৰচ কৰিবলগীয়া হয় ৭ হাজাৰ টকা৷
সেই হিচাপে কেৱল এটা পৰিয়ালৰ পৰা ফোন ৰিচাৰ্জৰ বাবে ব্যয় হয় কমেও ২০ হাজাৰ টকা৷ ফোন ব্যৱহাৰ কৰি কৰি অভ্যস্ত হোৱাৰ পিছত এতিয়া ৰিচাৰ্জ নকৰাকৈয়ো থাকিব নোৱাৰে গ্ৰাহক৷
তাৰে সুযোগ লৈ কোম্পানীয়ে লুণ্ঠন কৰিছে সাধাৰণ উপভোক্তাক৷ বৰ্ধিত দাম আদায় দিবলৈ বাধ্য হৈছে গ্ৰাহক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email