মদৰ নিচা এৰিব নোৱাৰে মাতৃয়ে

মদ্যপানৰ অভ্যাসে হানি কৰিছে অসমৰ মহিলাৰ
চহৰৰ আধুনিক মহিলাই পান কৰিবলৈ লৈছে সুৰা৷ আনকি গৰ্ভাৱস্থাতো তেওঁলোকে এৰা নাই সুৰাপান৷
এই তথ্য সদৰী কৰিছে স্ত্ৰীৰোগ বিশেষজ্ঞই৷ তেওঁলোকৰ তথ্য অনুসৰি মদাহী মহিলাৰ বাবে গৰ্ভতে সন্তানৰ ক্ষতি হৈছে৷
মুক্ত জীৱন যাপনত অভ্যস্ত এচাম তথাকথিত আধুনিক মহিলাৰ আছে সুৰাপানৰ অভ্যাস৷ গতিকে গৰ্ভত সন্তানে স্থিতি লোৱাৰ পিছতো তেওঁলোক মদ্যপান কৰিবলৈ এৰা নাই৷
আনকি প্ৰিমিয়াম হুইস্কী পান কৰি হ’লেও গৰ্ভধাৰণৰ সময়ত তেওঁলোকে লৈছে চিকিৎসকৰ পৰামৰ্শ৷ সেয়া গৰ্ভত থকা সন্তানৰ হৈছে ক্ষতি৷
নলবাৰীৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞই প্ৰকাশ কৰা অনুসৰি তেওঁৰ এচৰত চিকিৎসা গ্ৰহণ কৰি থকা গৰ্ভৱতীৰ আছে সুৰাপানৰ অভ্যাস৷ যাৰ ফলত ৰক্তক্ষৰণজনিত সমস্যাত মহিলাগৰাকী আক্ৰান্ত হৈছে৷
একেদৰে গুৱাহাটীৰ চিকিৎসকেও অনুৰূপ মন্তব্য কৰিছে৷ একমাত্ৰ মদৰ নিচা এৰিব নোৱাৰাৰ বাবে এচাম মহিলাই জন্ম দিছে বিকলাংগ সন্তান৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email