EVMৰ বিৰুদ্ধে আৰম্ভ হৈছে ৰাজনৈতিক আন্দোলন যন্ত্ৰৰ পৰিৱৰ্তে বেলট পেপাৰেৰে নিৰ্বাচনৰ দাবীত আন্দোলন আৰম্ভ কৰিছে শাৰদ পাৱাৰে ইলেকট্ৰ’নিক ভোটিং মেচিনৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে তেওঁ মহাৰাষ্ট্ৰৰ পৰা প্ৰতিবাদৰ পাতনি মেলিছে কংগ্ৰেছেও একেটা দাবীতে ৰাষ্ট্ৰীয় সংগ্ৰাম ঘোষণা কৰাৰ সময়ত দেশৰ সবাতোকৈ বৰ্ষীয়ান ৰাজনৈতিক নেতাজনে গৃহৰাজ্যত চলাইছে আন্দোলনৰ কুচকাৱাজ আজি প্ৰথম পৰ্যায়ত তেওঁ উপস্থিত হৈছে ছোলাপুৰৰ মাৰ্কাৱাড়ী গাঁৱত৷ উক্ত অঞ্চলত কিছুদিন পূৰ্বে স্থানীয় নিৰ্বাচন ই ভি এমৰ পৰিৱৰ্তে বেলটেৰে অনুষ্ঠিতকৰণৰ দাবীত জনতাই প্ৰতিবাদ কৰিছিল তেওঁলোকৰ প্ৰতি নৈতিক সমৰ্থন ঘোষণা কৰি শাৰদ পাৱাৰ আজি মাৰ্কাৱাড়ীত উপস্থিত হৈছে মহাৰাষ্ট্ৰত এতিয়াও পৰাজয় স্বীকাৰ নকৰা নেতাজনে ভাষণত উল্লেখ কৰিছে ই ভি এম পৰিহাৰৰ দাবী তেওঁ কয় যে এতিয়াও সকলো উন্নত দেশত বেলট পেপাৰৰ জৰিয়তে ভোটগ্ৰহণ সম্পন্ন হৈছে৷ গতিকে ভাৰতত যন্ত্ৰৰ দ্বাৰা নিৰ্বাচন পতাৰ প্ৰয়োজন নাই সেয়ে তেওঁ মাৰ্কাৱাড়ীৰ জনতাৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বুলিও ঘোষণা কৰিছে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ মলসিৰাছ সমষ্টিৰ অন্তৰ্গত মাৰ্কাৱাড়ীৰ জনতাই বেলটৰ জৰিয়তে ভোটিং কৰাৰ বাবে উত্থাপন কৰিছে দাবী তেওঁলোকৰ মতে গাঁৱবাসীৰ অনুমানতকৈ বিপৰীত ফলাফল শেহতীয়া নিৰ্বাচনত ই ভি এমে প্ৰদান কৰিছে গতিকে তেওঁলোকে উত্থাপন কৰিছে বেলট পেপাৰৰ দাবী৷ খবৰ অনুসৰি সোনকালেই গাঁৱখন ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়েও৷