নিজাববীয়াকৈ গোচৰ কৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে জানিব বিচাৰিছে দেশত ধ্বংস হোৱা অৰণ্যৰ পৰিমাণ বাতৰিৰ আলমত ভাৰতবৰ্ষত ২০০০ চনৰ পৰা ২০০৩ চনলৈকে ২৩ লাখ হেক্টৰ মাটিকালিৰ অৰণ্য আচ্ছাদন লোপ পোৱাৰ তথ্যৰ সত্যতা সন্দৰ্ভত এমাহৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ ভাৰতৰ বন জৰীপ বিভাগক নিৰ্দেশ দিছে বিগত সময়ত গ্ল’বেল ফ’ৰেষ্ট ৱাচ্চ নামৰ এটা আন্ত:ৰাষ্ট্ৰীয় সংস্থাই কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা তথ্য বিশ্লেষণ কৰি ভাৰতৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতিচ্ছবিখন প্ৰকাশ কৰিছিল সংস্থাটোৱে যুগুতোৱা প্ৰতিবেদনৰ মতে ২০০২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত দেশত প্ৰায় ৪,১৪,০০০ হেক্টৰ আৰ্দ্ৰ আদিম বনভূমি ধ্বংস হৈছে তথ্যাৱলীত উত্তৰ-পূৰ্বাঞ্চলৰ শোচনীয় অৱস্থাটো অধিক প্ৰকট হৈ ধৰা দিছে তদানুসৰি ২০০১ৰ পৰা ২০২৩ চনৰ ভিতৰত উত্তৰ-পূবৰ ৰাজ্য কেইখনত দেশৰ প্ৰায় ৬০% অৰণ্য আচ্ছাদন নিশ্চিহ্ন হৈছে অসমত ৩,২৪,০০০, মিজোৰামত ৩,১২,০০০, অৰুণাচল প্ৰদেশত ২,৬২,০০০, নগালেণ্ডত ২,৫৯,০০০ আৰু মণিপুৰত ২,৪০,০০০ হেক্টৰ অৰণ্য আচ্ছাদন লোপ পোৱাৰ তথ্য এই প্ৰতিবেদনখনে দাঙি ধৰিছেৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ো চলোৱা অনুৰূপ জৰীপত ২০১৫ৰ পৰা ২০২০ চনৰ ভিতৰৰ সময়ছোৱাত ভাৰতবৰ্ষত প্ৰায় ৩,৬৬৮,০০০ হেক্টৰ মাটিকালিৰ বনভূমি নিশ্চিহ্ন হোৱাৰ তথ্য প্ৰকাশ পাইছে। কিন্তু বিপৰীতে ডেৰাডুনস্থিত ভাৰতীয় বন জৰীপ বিভাগে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে চলোৱা জৰীপত কিন্তু দেশত বনভূমিৰ পৰিমাণ তথা অৰণ্য আচ্ছাদন বৃদ্ধি পোৱাৰ তথ্যহে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ শেহতীয়া নিৰ্দেশমৰ্মে ভাৰতৰ বন জৰীপ বিভাগে দাখিল কৰিবলগীয়া প্ৰতিবেদনখনে অৱশ্যে প্ৰমাণ কৰিব সত্যতা