কাজিৰঙাৰ ভিতৰত যদি আপুনি মাটি দখল কৰি ঘৰ সাজে, তেনে হলেও কোনেও একো কব নোৱাৰেতদুপৰি কাজিৰঙাত পৰিৱেশ সংবেদনশীল মণ্ডলো নাই গতিকে আপুনি নিঃশ্চিন্তে কাজিৰঙাৰ মাটি দখল কৰিব পাৰেএইটোৱেই সঁচা কথা৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পত বাধ্যতামূলকভাৱে থাকিবলগীয়া সুৰক্ষা আৱেষ্টনী তৈয়াৰৰ ব্যৱস্থা এতিয়াও কৰা নাই চৰকাৰেকাজিৰঙাত অসম চৰকাৰৰ সহযোগত দুখনকৈ ফাইভষ্টাৰ হোটেল নিৰ্মাণ সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অলপতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰধান বিচাৰপীঠত শপতনামা দাখিল কৰিছে যত উল্লেখ কৰা মতে ২০১২ চনৰ ৰাষ্ট্ৰীয় ব্ৰাঘ্য সংৰক্ষণ প্ৰাধিকাৰীৰ নিৰ্দেশাৱলী আৰু ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন অনুযায়ী মন্ত্ৰালয়ৰ বিধিগত ব্ৰাঘ্য সংৰক্ষণ আঁচনিৰ অধীনত প্ৰতিখন ব্ৰাঘ্য প্ৰকল্পই এখন পৰ্যটন আঁচনি প্ৰস্তুত কৰাটো ৰাজ্যৰ মুখ্য বন সংৰক্ষক গৰাকীয়ে নিশ্চিত কৰিব লাগে। ব্ৰাঘ্য সংৰক্ষণ আঁচনিৰ অন্তৰ্গত এই পৰ্যটন আঁচনিখন ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ বিধি অনুসৰি অনুমোদিত হ’ব লাগিব। এই অনুমোদন অবিহনে ব্ৰাঘ্য প্ৰকল্পটোৰ চাৰিওকাষে কোনো পৰ্যটন সম্পৰ্কীয় আন্তঃগাথঁনি নিৰ্মাণৰ অনুমতি দিয়া নহয়কিন্তু আশ্চৰ্যকৰভাৱে আজিলৈ কাজিৰঙাৰ বাবে এনে কোনো পৰ্যটন আঁচনি অসম চৰকাৰে প্ৰস্তুতেই কৰা নাই তৈয়াৰ কৰিবলৈ লোৱাখনো এতিয়াও খচৰা পৰ্যায়তে আছে শপতনামাৰ তথ্য অনুসৰি ব্ৰাঘ্য প্ৰকল্পত গণ পৰ্যটনৰ বিপৰীতে পৰিৱেশ অনুকূল বহনক্ষম প্ৰকৃতি পৰ্যটনৰহে ব্যৱস্থা কৰিব লাগিব ইয়াৰ দ্বাৰা প্ৰকল্পটোৰ স্থানীয় আৰু কাষৰীয়া অঞ্চলসমূহৰ অধিবাসী সকলৰ জীৱন-ধাৰণৰ মান উন্নত কৰাটো অন্যতম উদ্দেশ্য হোৱা উচিত পৰ্যটন আঁচনিখনে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পটোৰ নিৰীক্ষণ ব্যৱস্থা, পৰ্যটকৰ বহন ক্ষমতা, পৰ্যটন মণ্ডল, পৰ্যটন সম্পৰ্কীয় কাম-কাজৰ বাবে এলেকা নিৰ্ধাৰণ ইত্যাদি সাঙুৰি ল’বগুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ বিচাৰাধীন হৈ থকাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য প্ৰকল্পটোৰ এতিয়ালৈকে নিৰ্দিষ্ট কোনো পৰিৱেশ সংবেদনশীল মণ্ডল নাইউচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ঘোষণা মতেই উদ্যানখনৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চলটোকেই এতিয়াও পৰিৱেশ সংবেদনশীল মণ্ডল বুলি গণ্য কৰা হৈ আহিছে