উজনিত লাগিব যুদ্ধ, মুখ্যমন্ত্ৰীয়ে চলাব বুলড’জাৰ

গৌৰৱ গগৈৰ চামচাৰ পৰা উদ্ধাৰ কৰা হৈছে পাহাৰগোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ মিকিৰচাং পাহাৰ অৱশেষত কংগ্ৰেছীৰ পৰা উদ্ধাৰ কৰা হৈছে৷ গৌৰৱ গগৈৰ ঘনিষ্ঠ গোলাঘাট যুৱ কংগ্ৰেছৰ সভাপতি খানে মিকিৰচাং পাহাৰৰ চৰকাৰী ভূমি দখল কৰি পাতিছিল ৰবৰ বাগান আৰু চাহ বাগিচা৷ কিন্তু পাহাৰত উচ্ছেদ চলোৱা নাছিল প্ৰশাসনে৷ পিছে শেহতীয়াকৈ গৌৰৱ গগৈৰ বন্ধুৰ দুষ্কৰ্মৰ বিষয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই৷ ২৭ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ দেওপাহাৰ ভ্ৰমণৰ সময়ত মিকিৰচাঙত উচ্ছেদ চলাবলৈ নিৰ্দেশ দিছিল৷ তদুপৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বাবে যিকোনো সময়তে উক্ত পাহাৰত উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা দেখা গৈছে৷ গৌৰৱ গগৈৰ সোঁহাতস্বৰূপ খানে মিকিৰচাং পাহাৰৰ যিখিনি ভূমি দখল কৰি ৰবৰ আৰু চাহ বাগিচা স্থাপন কৰিছে, সেই ভূমি এসময়ত চোৰাংচোৱা সংস্থা RAWৰ অফিচ আছিল৷ সেই ভূমিয়েই দখল কৰি খানে বহুৱাইছে এখন মুছলান গাঁও৷ উচ্ছেদৰ সময়ত যাতে মানৱাধিকাৰ লংঘন হোৱা বুলি চিঞৰ-বাখৰ কৰিব পৰা যায় তাৰ বাবে এই চক্ৰান্ত কৰিছে গৌৰৱ গগৈৰ ঘনিষ্ঠ ঝুমাই

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email