পেভাৰ ব্লকৰ ৰাস্তাই আয়ুস কমাইছে গাড়ীৰ ইটা পাৰি দিয়া ৰাস্তা দীৰ্ঘম্যাদী হব পাৰে, কিন্তুগাড়ীৰ সাংঘাতিক ক্ষতি হৈছে পেভাৰ ব্লকৰ ৰাস্তাই বিটুমিনৰ তুলনাত টায়াৰৰ অধিক ক্ষতি কৰেলগতে এইটো পথত তেলৰ খৰচো বেছি হয় কিন্তু সবাতোকৈ ডাঙৰ সমস্যাটো হৈছে কম্পনৰ৷ পেভাৰ ব্লকৰ ৰাস্তাত চালনাৰ সময়ত গাড়ীত সাধাৰণতে জোকাৰণিৰ সৃষ্টি হয় বিটুমিনৰ ৰাস্তাৰ দৰে মসৃণভাৱে গাড়ী ইয়াত চলাব নোৱাৰি পেভাৰ ব্লকৰ ৰাস্তাত বেগেৰে চলাচলৰ সময়ত মটৰ চাইকেল অথবা চাৰিচকীয়াত জোকাৰণি উঠে সেয়ে সঘনাই বেয়া হৈছে গাড়ীৰ ইঞ্জিন৷ অসমৰ ৮০ শতাংশ গাঁৱৰ ৰাস্তা বৰ্তমান পেভাৰ ব্লকেৰে তৈয়াৰ কৰা হৈছে পানীয়ে সহজে ক্ষতি কৰিব নোৱাৰাৰ ফলত চৰকাৰে গাঁৱত সকলো ৰাস্তা ইটাৰে সাজিছে কিন্তু পেভাৰ ব্লক আচলতে ৰাস্তাৰ দাঁতিতহে ব্যৱহাৰ কৰা হয়এইবিধ ইটাই আগতে ৫ বছৰ চলা টায়াৰৰ আয়ুস তিনিবছৰলৈ হ্ৰাস কৰিছে তদুপৰি পেভাৰ ব্লকত শেলাই পৰে৷ সেয়ে মটৰ চাইকেল আৰোহী ৰাস্তাতে পিছলি পৰাৰ দৰে ঘটনাও প্ৰায়ে সংঘটিত হৈছে যদি পেভাৰ ব্লক দীঘলীয়াকৈ পৰা হয় তেন্তে পিছলি পৰাৰ আশংকা অধিক হয় কিন্তু পথালিকে পাৰিলে জোকাৰণিও বেছি হয়৷ মুঠতে দীৰ্ঘ ম্যাদৰ চিন্তা কৰি সজা পেভাৰ ব্লকৰ ৰাস্তাৰ বাবে হিতে বিপৰীতহে হৈছে ৰাইজৰ