চক্ৰবেহুৰ পাক বুজি নোপোৱাৰ বাবে মহাভাৰতৰ যুদ্ধত প্ৰাণ হেৰুৱাইছিল অভিমন্যুৱে৷ পিছে আধুনিক অভিমন্যু হৈ ৰাজনীতিৰ চক্ৰবেহুৰ তলা-নলা বিচাৰি উলিয়ালে মহাৰাষ্ট্ৰৰ দেৱেন্দ্ৰ ফাড়নৱিছে৷ ১১ দিনীয়া জটিলতাৰ পাক খুলি তেওঁ মিত্ৰতাৰ ধৰ্মও পালন কৰিলে আৰু অৱশেষত কাঢ়ি ল’লে প্ৰাপ্য৷
ফলাফল ঘোষণাৰ পিছতো বহু অনিশ্চয়তাৰ পিছত আজি ৰাজ্যখনত মহাযুটীৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নৱিছৰ নাম ঘোষণা কৰা হ’ল৷ কেন্দ্ৰীয় পৰ্যৱেক্ষক নিৰ্মলা সীতাৰমন আৰু বিজয় ৰূপানীৰ উপস্থিতিত তেওঁৰ হাততে সঁপি দিয়া হ’ল ৰাজদণ্ড৷ পূৰ্বে সম্পূৰ্ণ ৫ বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ফাড়নৱিছৰ নেতৃত্বতে ২০২১ চনতো মহাৰাষ্ট্ৰত এন ডি এ জিকিছিল৷ কিন্তু তেতিয়া মিত্ৰ দল হিচাপে শিৱসেনাৰ উদ্ধৱ থাকৰেই বিচাৰিছিল মুখ্যমন্ত্ৰিত্ব৷ সেই বিষয়ত হোৱা অমিলৰ বাবেই এন ডি এত ভাঙোন ঘটিছিল৷ তাৰ পিছত আঢ়ৈবছৰৰ পূৰ্বে আকৌ বিজেপিয়ে বিভাজিত শিৱসেনা আৰু এন চি পিৰ সৈতে মহাযুটী গঠন কৰিছিল যদিও ফাড়নৱিছে পোৱা নাছিল মুখ্যমন্ত্ৰিত্ব৷ পদোন্নতিৰ সলনি পদৰ অৱনমন ঘটি তেওঁ উপ-মুখ্যমন্ত্ৰী হ’বলগীয়া হৈছিল৷ পিছে দলীয় শৃংখলাৰ প্ৰতি নিষ্ঠাৰ পৰিচয় দিয়া নেতাজনে শেষত প্ৰাপ্য পুনৰাই আদায় কৰিলে৷ মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিজকে আধুনিক অভিমন্যু বুলি অভিহিত কৰা ফাড়নৱিছে তাৎক্ষণিকভাৱে কালিয়েই ৰাজ্যপালৰ ওচৰত উপস্থিত হ’ল৷ সন্ধি স্থাপনৰ পিছত সৈমান হোৱা সতীৰ্থ একনাথ সিন্দে আৰু অজিত পাৱাৰৰ সৈতে ৰাজভৱনলৈ গৈ তেওঁ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিলে৷ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক পত্ৰ প্ৰদান কৰি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলে ফাড়নৱিছে৷ আজি তাৰ পিছতে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে ফাড়নৱিছে৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত তেওঁৰ অভিষেক সম্পন্ন হ’ল৷ আপনা টাইম আয়েগা বুলি কোৱা ফাড়নৱিছে প্ৰমাণ কৰিলে নিজৰ দক্ষতা৷