মন্ত্ৰী হ’বলৈ ওলোৱা ৰূপেশ গোৱালা পূৰ্বে আছিল অসম চাহ মজদুৰ সংঘৰ প্ৰভাৱশালী নেতা৷ অৱশ্যে এতিয়াও তেওঁ ACMSৰ সাধাৰণ সম্পাদক৷ কিন্তু পূৰ্বে উজনিৰ চাহ বাগিচাত চলিছিল পৱন সিং ঘাটোৱাৰ আৰু ৰূপেশ গোৱালাৰ যুগলবন্দী৷
ঘাটোৱাৰে সভাপতি আৰু গোৱালাই সাধাৰ সম্পাদক হিচাপে ACMSৰ জৰিয়তে একত্ৰিত কৰিছিল চাহ বাগিচাৰ ভোট৷
কিন্তু সেই গোৱালাই বিগত নিৰ্বাচনৰ সময়ত ত্যাগ কৰিছিল পৱন সিং ঘাটোৱাৰৰ সংগ৷ ডুমডুমাৰ পুৰণি বিজেপি নেতা দুৰ্গা ভূমিজক ৰাজনৈতিকভাৱে নিঃশেষ কৰি ৰূপেশ গোৱালাৰ দলীয় ৰাজনীতিত উত্থান ঘটিছিল৷
এইজন নেতায়েই অসমত চৰকাৰৰ মন্ত্ৰী হ’বলৈ সাজু হৈছে৷ কাইলৈ শপত গ্ৰহণৰ বাবে নতুন ব্লেজাৰ কিনিছে ৰূপেশ গোৱালাই৷
তাৰ পিছতে কিন্তু বিমোৰত পৰিছে পৱন সিং ঘাটোৱাৰ৷ ৰূপেশ গোৱালাই অকলশৰীয়া কৰি থৈ যোৱাৰ পিছত ACMSত প্ৰভাৱ ইতিমধ্যে হ্ৰাস পাইছে ঘাটোৱাৰৰ৷ গতিকে ৰাজনৈতিকভাৱে অকলশৰীয়া হৈ পৰা ঘাটোৱাৰেও ক্ৰমে বিজেপিলৈয়েই মন মেলিছে৷
আনহাতে ডিব্ৰুগড়ৰ মিলন নগৰৰ পূপ নগৰ পথত থকা ঘৰত গাহৰি মাংসৰ ভোজ পাতিছে প্ৰশান্ত ফুকনে৷ মন্ত্ৰিত্ব লাভৰ খবৰ পোৱাৰ পিছতে ঘৰৰ সন্মুখৰ গেৰেজত তেওঁ দিছে বৰভোজ৷