ভাৰতীয় ষ্টেট বেংকত বাদেই, ডাকঘৰতে চাকৰি পালে হিন্দীভাষী যুৱকে৷ অসমৰ ৮০ শতাংশ ডাকঘৰত বিভাগে নিযুক্তি প্ৰদান কৰিলে অসমীয়া ক’বলৈ নজনা বিহাৰ অথবা উত্তৰ প্ৰদেশৰ যুৱকক৷ এতিয়া অসমৰ প্ৰায় প্ৰতিটো ডাকঘৰত প্ৰৱেশ কৰিলেই আপুনি সন্মুখীন হ’ব লাগিব এজন বহিৰাগত চাকৰিয়ালৰ৷
অসমত ভাৰতীয় ষ্টেট বেংকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পদত বিহাৰীক নিয়োগৰ প্ৰসংগত বৰ্তমান জ্বলি আছে ৰাজ্য৷ থলুৱাক বঞ্চিত কৰি বিহাৰীক কেনেকৈ সুযোগ দিয়া হৈছে সেয়াও প্ৰমাণিত হৈছে৷
কিন্তু কোনেও প্ৰকাশ কৰা নাই ডাক বিভাগৰ জালিয়াতিৰ কথা৷ আমি লাভ কৰা খবৰ অনুসৰি ডাক বিভাগৰ চাকৰিতো অগ্ৰাধিকাৰ লাভ কৰিছে বহিৰাগত যুৱকে৷
তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ সকলো পদতে বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ যুৱকে নিযুক্তি লাভ কৰিছে৷ কিন্তু ডাকঘৰত বহুদিন খাটি থকাৰ পিছতো থলুৱা যুৱকে পোৱা নাই চাকৰি৷
নাম গোপন কৰি ৰখাৰ চৰ্তত খবৰ প্ৰকাশ কৰা বিভাগটোৰ বিষয়াই সদৰী কৰা অনুসৰি দিল্লীৰ নিৰ্দেশ অনুসৰি অসমৰ ডাকঘৰত বিহাৰী অথবা আন হিন্দীভাষীক নিযুক্তি দিয়া হৈছে৷
সেইসকলৰ বাবে বঞ্চিত হৈছে থলুৱা যুৱক৷ তেওঁলোকে পোৱা নাই অসমত চাকৰি৷ অসমৰ চাকৰি অশমীয়াৰ পৰা কাঢ়ি লৈছে বিহাৰীয়ে৷