ৰাস নাচি নাচি শেষেই হোৱা নাই
পিছুৱাই দিবলগীয়া হৈছে পৰীক্ষা
ৰাস পূৰ্ণিমা কেতিয়াবাই পাৰ হ’ল৷ নন্দালয়ত শ্ৰীকৃষ্ণৰো জন্মৰ খবৰ পালে সকলোৱে৷ কিন্তু অসমতহে অন্ত নপৰা হ’ল ৰাসোৎসৱ৷
দুমহীয়া ব’হাগী বিদায়ৰ দৰে অসমত এতিয়া মাহজুৰি পালন কৰিয়েই থকা হৈছে ৰাস৷ শৰৎ কালৰ বিতোপন ৰাত্ৰি পাৰ হৈ শীত আৰম্ভ হ’ল৷ অসমত পিছে ৰাস শেষ নহ’ল৷
আনকি ৰাসৰ বাবেই পৰীক্ষাও বৰ্তমান পিছুৱাবলীয়া হৈছে৷ নগাঁৱৰ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ৰাসোৎসৱৰ বাবে ব্যস্ত হৈ পৰিছে স্থানীয় ৰাইজ৷
তদুপৰি মাইকৰ শব্দই অধ্যয়নতো সমস্যা কৰিছে৷ সেয়ে পৰীক্ষাই পিছুৱাই দিছে বিদ্যালয়ে৷ এতিয়া ৰাস হৈ যোৱাৰ পিছতহে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
আন কেবাটাও স্থানৰ পৰা আমি লাভ কৰা খবৰ অনুসৰি ৰাসৰ বাবে পিছুৱাবলগীয়া হৈছে পৰীক্ষা৷ বিশেষকৈ উজনি আৰু মধ্য অসমত এনে ঘটনা বেছিকৈ ঘটিছে৷