ন্যায়মূৰ্তিৰ আত্মগোপন

পলাই থকা নাই, কিন্তু লুকাই আছে ৰঞ্জন গগৈ৷ সেয়ে দিল্লী-গুৱাহাটী ক’তো তেওঁৰ দেখাদেখি নাই৷
মনোনীত সদস্য হৈয়ো ৰাজ্যসভাৰ অধিৱেশনত অংশগ্ৰহণ কৰা নাই ৰঞ্জন গগৈয়ে৷ দেশৰ ভূতপূৰ্ব মুখ্য ন্যায়াধীশে অনিয়মীয়া উপস্থিতিৰে অনাকাংক্ষিত অভিলেখ গঢ়িছে৷ সৰ্বোচ্চ পদবীৰ পৰা অৱসৰৰ পিছত ৰাজ্যসভাৰ সদস্যপদ গ্ৰহণ কৰা গগৈ নিয়ম অনুসৰি নিৰ্বাচিত সদস্যৰ দৰেই উপস্থিত থাকিব লাগে৷ কিন্তু পৰাপক্ষত সদনলৈ নোযোৱাকৈ গুৱাহাটীতে তেওঁ বাহৰ পাতি আছে৷
ইতিমধ্যে মনোনীত সদস্য হিচাপে কাৰ্যকালৰ চাৰিবছৰ সময় গগৈয়ে অতিবাহিত কৰিছে৷ চাৰিবছৰ সাংসদ হৈ থাকি তেওঁ অধিৱেশনৰ মাত্ৰ ৪৫ শতাংশ সময়তহে ৰাজ্যসভাত উপস্থিত হৈছে৷ ইমানদিনে ৰঞ্জন গগৈয়ে অংশগ্ৰহণ কৰিছে মাত্ৰ এটা বিতৰ্কতহে৷ দিল্লীত থাকিলেও কিন্তু সদনৰ অধিৱেশনত অংশগ্ৰহণৰ পৰা ৰহস্যজনকভাৱে তেওঁ বিৰত আছে৷
ৰাজ্যসভাৰ আন সাংসদসকলৰ অধিৱেশনত উপস্থিতিৰ ৰাষ্ট্ৰীয় হাৰ হৈছে ৮৪ শতাংশ৷ পিছে তেওঁলোকৰ তুলনাত আধা সময়ো গগৈ সদনত উপস্থিত থকা নাই৷ এই সময়ছোৱাত প্ৰাক্তন মুখ্য ন্যায়াধীশে কোনো প্ৰাইভেট মেম্বাৰ্ছ বিলো উত্থাপন কৰা নাই৷
ন্যায়িক জীৱনত সৰৱ ভূমিকা পালন কৰা গগৈ সাসংদ হিচাপে হৈ পৰিছে নিষ্ক্ৰিয়৷ সমালোচনাৰ পাত্ৰ হৈ পৰা ৰঞ্জন গগৈয়ে এইবাৰৰ অধিৱেশনতো অংশগ্ৰহণ কৰা নাই৷ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাষ্ট্ৰপতিৰ মনোনীত সদস্য হিচাপে তেওঁ বিভিন্ন বিতৰ্কত অংশগ্ৰহণ কৰাৰ থল আছিল৷ কিন্তু সেই দায়িত্ব পালন নকৰি ৰঞ্জন গগৈয়ে মূৰ পোলোকা মাৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email