কেৱল মুছলমানৰ কথাহে কয়!

কেৱল মুছলমানেই গৰু মাংস নাখায়৷ অসমত গো-মাংস নিষিদ্ধকৰণৰ সময়ত উল্লসিত হৈছে হিন্দুত্ববাদী সংগঠন৷ কিন্তু গো-মাংস খোৱাৰ কথা স্বীকাৰ কৰা হিন্দুৰো আছে এখন দীঘলীয়া তালিকা৷
ৰামায়ণ চিনেমাত ৰামৰ অভিনয় কৰা ৰণবীৰ কাপুৰৰ প্ৰিয় মাংস হৈছে গো-মাংস৷ এবাৰ তেওঁ নিজকে বিগ বিফ গায় বুলিও অভিহিত কৰিছিল৷ গো-মাংস খোৱাৰ বাবেই স্বাস্থ্য ভাল হোৱা বুলিও ৰণবীৰে প্ৰকাশ কৰিছিল৷
কাশ্মীৰ ফাইলছ নামৰ বহুচৰ্চিত চিনেমাখনৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে এবাৰ স্বীকাৰ কৰিছিল গো-মাংসৰ প্ৰতি থকা লোভৰ কথা৷ কাশ্মীৰৰ বিষয়ে চিনেমা নিৰ্মাণ কৰা বিবেক অগ্নিহোত্ৰীৰ প্ৰিয় মাংসই হৈছে গো-মাংস৷
সুন্দৰী অভিনেত্ৰী কাজলৰো প্ৰিয় মাংস হৈছে গো-মাংস৷ পশ্চিমবংগৰ অভিনেত্ৰীগৰাকীয়ে গৰুৰ মাংস সঘনাই ভক্ষণ কৰে৷ এবাৰ এটা সাক্ষাৎকাৰত গৰু মাংসই সবাতোকৈ সুস্বাদু বুলি তেওঁ অভিহিত কৰিছিল৷
একেদৰে প্ৰয়াত ঋষি কাপুৰৰো প্ৰিয় আছিল গো-মাংস৷ ভ্ৰমণৰ সময়ত প্ৰায়ে গৰুৰ মাংস তেওঁ ভক্ষণ কৰিছিল৷
এতিয়াৰ হিন্দুত্ববাদী নেত্ৰী তথা সাংসদ কংগনা ৰানাৱটেও আগতে খাইছিল গৰু মাংস৷ সেই কথা স্বীকাৰো কৰিছিল কংগনাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email