বাৰু গো-মাংস ৰাজহুৱাকৈ খোৱা বন্ধ কৰিলে
কিন্তু গাঁৱৰ মানুহে গৰু কেনেকৈ পুহিব?
অসমৰ ৯০ শতাংশ খেতিয়কে এতিয়া হাল বোৱা এৰিলে৷ খেতি কৰা প্ৰায় সকলোৱে ট্ৰেক্টৰেৰে মাটি চহায়৷ সেইদৰেই মৰণাও মেচিনেৰেই মাৰে৷ গতিকে বলধ গাঁৱতো অপ্ৰয়োজনীয়৷
কিন্তু গাখীৰৰ বাবে গাই পোহাও অসমত অসম্ভৱপ্ৰায় হৈ পৰিছে৷ ফ’ৰলেন প্ৰায় সৰ্বত্ৰ হোৱাৰ পিছত ৰাস্তা পাৰ কৰি গৰু চৰাবলৈ নিয়াটো অসম্ভৱ হৈ পৰিছে৷
তীব্ৰবেগী গাড়ীয়ে নিমিষতে চেপেটা কৰিছে গৰু৷ তদুপৰি গৰু চৰাবলৈ আজিকালি প্ৰায়বোৰ গাঁৱতে মুকলি পথাৰো নাই৷
সেয়ে গ্ৰামাঞ্চলৰ ৰাইজে গৰু নোপোহা হৈছে৷ এজনী গৰু পুহিবলৈ এজন মানুহে ওৰেদিন ব্যস্ত থাকিবই লাগে৷ সেয়ে গৰু পোহাৰ সলনি গাখীৰ কিনি খোৱাই ভাল বুলিয়েই সকলোৱে ভাবিবলৈ লৈছে৷
তিনিখন জিলাত জৰীপ চলাই আমি লাভ কৰা সম্ভেদ অনুসৰি দুবছৰৰ ভিতৰত গোহালি খালী হৈছে ২০ শতাংশ অসমীয়াৰ৷ তেওঁলোকে গৰু বিক্ৰী কৰি আজৰি হৈছে৷
মিঞাক গৰু বিক্ৰী কৰিছে এইসকল লোকে৷ কাৰণ তেওঁলোকে পোৱা নাই অসমীয়া গ্ৰাহক৷