কেৱল মিঞা বিদ্বেষ কৰি গো-মাংস বন্ধ কৰিলেই অসমৰ লাভ নহয়৷
কিয় শুনক
যোৰহাটত এবস্তা ঘাঁহৰ দাম ৫০ টকা৷ শোণিতপুৰৰ গাঁৱত এবস্তা ঘাঁহ ৪০ টকাত বিক্ৰী হয়৷ গো-পালকে পথাৰত কটা ঘাঁহ কিনিব লাগে৷
এয়াই হৈছে অসমত গৰু পালনৰ বাস্তৱ ছবিখন৷
খেতিয়কৰ গৰু-ম’হ, কূপণৰ ধন- এয়াই আছিল অসমৰ গ্ৰাম্য জীৱনৰ বাস্তৱ ছবিখন৷ এগোহালি গৰু পোহাটো অসমৰ মানুহৰ চখ আছিল৷
কিন্তু এতিয়া গৰু কেনেকৈ পুহিব?
ধানৰ উৎপাদন হ্ৰাসৰ ফলত তুহৰ বৰ্তমান অভাৱ হৈছে৷ বিভিন্ন মিলে তুহ বিক্ৰী কৰে৷ কিন্তু এক কেজি তুহৰ দাম কমেও ১৫ টকা৷
একেদৰে পূৰবী আৰু চাপৰৰ দামো কেবাগুণো বাঢ়িল৷ ১ কেজি পূৰবীৰ দাম প্ৰায় ৭০ টকা৷ গৰুৰ বাবে উপকাৰী চাপৰ নামৰ দানাবিধৰো দাম ৩৮ টকালৈ বাঢ়িছে৷
এইবোৰ বিষয় বিবেচনা নকৰাকৈ কেৱল গো-মাংস নিষিদ্ধ কৰিলেই অসমৰ একো উন্নতি নহয়৷ কেৱল মিঞা বিদ্বেষ কৰি গৰু মাংস খোৱা বন্ধ কৰিলে অসমৰ খেতিয়কৰ উন্নতি হোৱাৰ সম্ভাৱনা নাই৷
তাৰ সলনি সমাধান কৰিব লাগিব মৌলিক সমস্যাবোৰ৷ গৰু পালনৰ বাবে উপযোগী পৰিৱেশ প্ৰদান কৰিলে লাভান্বিত হ’ব সাধাৰণ গো-পালক৷