হোটেল-ৰেস্তোৰাঁত গৰু মাংস নিষিদ্ধ কৰি দিলে, কিন্তু ফলত অসমৰ ৰাস্তা-ঘাটত গাড়ী চলিব নোৱাৰা হ’ব৷
হয়, আপুনি ঠিকেই শুনিছে
কেবিনেটে সমজুৱাকৈ গো-মাংস খোৱা নিষিদ্ধ কৰাৰ ফলত অসমৰ ৰাস্তাত গাড়ী চলাটো জটিল হৈ পৰিব৷ নামনিৰ বৰপেটা অথবা বঙাইগাঁৱত ৰাস্তাত সদায়ে ভিৰ কৰে উদঙীয়া গৰুৰ জাকে৷ একেদৰে নগাঁৱৰ ফিনফিনিয়া বাইপাছতো গৰুৰ স্পীডব্ৰেকাৰৰ বাবেই গাড়ী চলাবই নোৱাৰি৷
ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যাত্ৰাৰ সময়ত গৰুৰ জাক খেদিবলগীয়া হোৱাটো সাধাৰণ ঘটনা৷ গপচত শুই থকা গৰু খেদি খেদিহে ফ’ৰলেনত গাড়ী আগুৱাবলগীয়া হয়৷
কথাটো হৈছে- যদি গো সুৰক্ষাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে তেন্তে গো-শালাৰো বন্দৱস্ত কৰিবই লাগিব৷
কিন্তু অসমত উদঙীয়া গৰু ৰাখিব পৰাকৈ পৰ্যাপ্ত গো-শালাও নাই৷ সেয়ে উদঙীয়া গৰু পথতে শুই গাড়ীৰ চেঁপা খাই মৰে৷
এতিয়া এই উদঙীয়া গৰুবোৰৰ কি হ’ব? চৰকাৰে গো-মাংস নিষিদ্ধকৰণৰ পূৰ্বে এনেবোৰ বিষয় বিবেচনাৰ প্ৰয়োজন আছিল৷ কিন্তু প্ৰাথমিক কামবোৰ নকৰি কেৱল মাংস খোৱাহে বন্ধ কৰি দিলে৷ গতিকে এতিয়া যি হয় হ’ব৷