ববকাট প্ৰিয়ংকাৰ কাষতে…

এবাৰ দিল্লীত ইন্দিৰা গান্ধীক হাতত ধৰি আগবঢ়াই নিছিল নগাঁৱৰ ৰছিদুল হক নামৰ কংগ্ৰেছীজনে৷ তাৰ পিছতে গান্ধী পৰিয়ালৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল ৰছিদুল হক৷ সেই ঘটনাটোৰ আঁত ধৰিয়েই নগাঁৱৰ ৰছিদুল হক গান্ধী পৰিয়ালৰ বিশ্বাসী হৈ পৰিছিল৷ এইবাৰ সেইটো সুযোগেই পাইছে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰিয়ংকা গান্ধীৰ কাষতে বহি গান্ধী পৰিয়ালৰ কিচ্ছেন কেবিনেটৰ সদস্য হোৱাৰ সুযোগ পাইছে প্ৰদ্যুতে লগে লগে প্ৰদ্যুতেই APCCৰ পৰৱৰ্তী সভাপতি হোৱাৰ সম্ভাৱনা হৈ পৰিছে উজ্জ্বল শেহতীয়াকৈ লোকসভা সচিবালয়ে সলনি কৰিছে কংগ্ৰেছ সাংসদৰ আসনৰ স্থান নতুনকৈ সংসদত প্ৰৱেশ কৰা প্ৰিয়ংকা গান্ধীক প্ৰদ্যুৎ বৰদলৈৰ কাষতে বহিবলৈ দিয়া হৈছে গৌৰৱ গগৈক ৰাহুল গান্ধীৰ কাষত আসন প্ৰদানৰ সময়ত প্ৰদ্যুতক প্ৰিয়ংকা গান্ধীৰ সৈতে বহিবলৈ দিয়া হৈছে৷ কিন্তু এতিয়া ৰহস্যজনকভাৱে ভূপেন বৰাৰ স্থানত প্ৰদ্যুৎ অধিষ্ঠিত হোৱাৰ খবৰ প্ৰকাশ পাইছে৷ ৰাজীৱ ভৱনৰ সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি জানুৱাৰীৰ পিছত কংগ্ৰেছৰো সভাপতি সলনি হোৱাৰ সম্ভাৱনা আছে৷ APCCৰ পৰ্যৱেক্ষক জিতেন্দ্ৰ সিঙে ভূপেন বৰাৰ বিৰুদ্ধে ইমানেই বেয়া প্ৰতিবেদন দিছে যে তেওঁক অপসাৰণ হৈ পৰিছে নিশ্চিত৷ গতিকে প্ৰদ্যুতেই APCCৰ পৰৱৰ্তী সভাপতি হ’ব বুলি সূত্ৰটোৱে সদৰী কৰিছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial