বন্দী ব্ৰহ্মচাৰী চিন্ময় কৃষ্ণদাসৰ হৈ থিয় নহ’ল কোনো অধিবক্তা প্ৰাণৰ ভয়ত ইস্কনৰ কাৰাৰুদ্ধ সন্তৰ হৈ য়ুক্তি দৰ্শাবলৈ আদালতত কোনো উকীল উপস্থিত নহ’ল সেই বাবেহে চিন্ময় কৃষ্ণদাসৰ জামিন আবেদনৰ শুনানী ২ জানুৱাৰীলৈ স্থগিত ৰখা হ’ল অৰ্থাৎ এই বছৰৰ ভিতৰতে তেওঁ মুক্তি লাভ কৰাৰ সম্ভাৱনা আৰু নাই৷ মুছলমান মৌলবাদীৰ ৰোষত পৰা কৃষ্ণদাসৰ হৈ প্ৰথমে ৰেগন আচাৰ্য নামৰ উকীলে যুক্তি দৰ্শাইছিল৷ কিন্তু দুৰ্বৃত্তই তেওঁৰো চেম্বাৰ লণ্ড-ভণ্ড কৰিলে তাৰ পিছত ব্ৰহ্মচাৰীজনৰ হৈ আদালতত উপস্থিত হোৱাৰ সাহস নকৰিলে আন অধিবক্তাই ৰমেন ৰয় নামৰ এজন উকীলেও অৱশ্যে চিন্ময় কৃষ্ণদাসৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল৷ কিন্তু তাৰ পিছতে মুছলমান দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ’ল অধিবক্তা ৰয় তেওঁ বৰ্তমান মৃত্যুৰ সৈতে যুঁঝি হস্পিতেলত ভৰ্তি হৈ আছে ইস্কনৰ কলকাতা শাখাই সদৰী কৰা অনুসৰি দুজন অধিবক্তাৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ পিছত চিন্ময় কৃষ্ণদাস আইনী যুঁজত নি:সংগ হৈ পৰিছে তেওঁক ন্যায়িক সাহায্য প্ৰদান কৰিবলৈয়ো বৰ্তমান নাই উকীল৷ অৱশ্যে শেহতীয়াকৈ বাংলাদেশী সন্মিলিত সনাতন জাগৰণ জোঁটে তেওঁৰ বাবে অধিবক্তা বন্দৱস্ত কৰাৰ দাবী কৰিছে সংগঠনটোৱে সদৰী কৰা অনুসৰি ব্ৰহ্মচাৰীজনক ন্যায়িক সাহায্য প্ৰদানৰ অৰ্থে সাজু হৈছে ৭০ জন হিন্দু অধিবক্তা বৰ্তমান বাংলাদেশে বন্দী ব্ৰহ্মচাৰী চিন্ময় কৃষ্ণদাসৰ বিৰুদ্ধে উত্থাপন কৰিছে যৌন নিৰ্যাতনৰ ভুৱা অভিযোগ৷ কিন্তু দেশখনত ভাইৰেল হৈ পৰা ভিডিঅ’ও ভুৱা বুলি প্ৰতিপন্ন হৈছে৷ হিন্দু গণহত্যাক কেন্দ্ৰ কৰি বাংলাদেশক সৰ্বত্ৰ ধিক্কাৰৰ পিছতহে সতৰ্ক হৈছে মহম্মদ ইউনুছ৷ সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি ইউনুছে শীঘ্ৰে ৰাষ্ট্ৰীয় একতাৰ আহ্বান জনাব৷