অইল ইণ্ডিয়া লিমিটেডে অৰুণাচল প্ৰদেশত খনন আৰু তেল উৎপাদন কৰাৰ বিনিময়ত NSCNক বাৰ্ষিক বিশ লাখকৈ টকা টেক্স দিব লাগিব৷ নগা বিদ্ৰোহী সংগঠনটোৱে এই ধনদাবী পত্ৰ অইললৈ প্ৰেৰণ কৰিছে৷
বিগত ২৮ নৱেম্বৰত পত্ৰখন NSCNৰ কেডাৰে অৰুণাচল প্ৰদেশৰ মানৱভূমস্থিত অইলৰ কাৰ্যালয়ত দিছিল৷
NSCNৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ মেজৰ থা আউঙে চহী কৰা পত্ৰখনত উল্লেখ আছে যে অইলে NSCNৰ এলেকাধীন অৰুণাচল প্ৰদেশৰ বৰডুমচা, ডায়ুন আৰু ইনাও অঞ্চলত ব্যৱসায় কৰি আহিছে৷ সেয়ে অইল ইণ্ডিয়া লিমিটেডে NSCNক বাৰ্ষিক কৰ বিশ লাখ টকা অহা ১০ ডিচেম্বৰৰ পূৰ্বে আদায় দিব লাগিব৷
বিষয়টো আওকাণ কৰিলে অথবা বাহিৰত প্ৰকাশ হ’লে যিকোনো পৰিস্থিতিৰ বাবে অইল কৰ্তৃপক্ষ জগৰীয়া হ’ব বুলিও সকীয়াই দিছে NSCNয়ে৷ আনহাতে অইলৰ মুখপাত্ৰ প্ৰাংকুশমল্ল বুজৰবৰুৱাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে NSCNৰ ধনদাবী সন্দৰ্ভত অৰুণাচল প্ৰদেশ চৰকাৰক অৱগত কৰা হৈছে৷
ইয়াৰ পিছত অৰুণাচল চৰকাৰে সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ’ব বুলি অইল কৰ্তৃপক্ষক নিশ্চিতি প্ৰদান কৰিছে৷