BTADত যেতিয়া গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হৈছিল তেতিয়া অসহায় তৰুণ গগৈয়ে কৈছিল
কোনেও একো নক’ব৷ এমাহলৈ মই ৰাজনৈতিক যুদ্ধবিৰতি ঘোষণা কৰিছোঁ৷
তৰুণ গগৈৰ সেই আহ্বান মানিছিল বিৰোধী দলে৷ সংসদীয় ৰাজনীতিৰ খোচা-বিন্ধাৰ পৰা সকলো আঁতৰি আছিল৷ এতিয়া মন কৰিছেনে, উপ-নিৰ্বাচনৰ পিছত আকৌ অসমত যেন চলিছে ৰাজনৈতিক যুদ্ধবিৰতি কোনেও এষাৰো কথা কোৱা নাই আগতে এসপ্তাহৰ মূৰে মূৰে জিভাখন পকাই জয়ন্ত মল্লবৰুৱাই বিতৰ্কিত কথা এষাৰ কৈছিল৷ সেই কথাষাৰকে কেবাটাও ৰূপ দি অসমৰ সংবাদ মাধ্যমে বাতৰি কৰি আছিল৷ একেদৰে পীয়ূষ হাজৰিকায়ো মুখ মেলিলেই হৈছিল বাতৰি৷ কিন্তু দুয়োজন বৰ্তমান নীৰৱ৷ একেদৰে মুখ্যমন্ত্ৰীয়েও কেমেৰাৰ সন্মুখত থিয় হৈ কথা ক’লেই ওলাইছিল বাতৰি পিছে সম্প্ৰতি মুখ্যমন্ত্ৰীও হৈ আছে নিশ্চুপ৷ ইমানবোৰ ঘটনা ঘটি আছে তথাপি সকলো নীৰৱে আছে মুখ্যমন্ত্ৰীয়েও দিল্লীতে বাহৰ পাতিছে৷ কেন্দ্ৰীয় মন্ত্ৰীসকলকো লগ ধৰিছে৷ তথাপি কোৱা নাই এষাৰো কথা এই ঘটনাৱলীয়ে প্ৰমাণ কৰিছে ৰাজনৈতিক যুদ্ধবিৰতি৷ ৰাজনৈতিক যুদ্ধত পাৰ্গত হিমন্ত বিশ্ব শৰ্মায়ো যুদ্ধবিৰতি ঘোষণা কৰিছে নেকি?