প্ৰতিদ্বন্দ্বীৰ পতন কামনা কৰি বলিপূজা কৰিলে এজন নেতাই অসমৰ ৰাজনীতিত চৰ্চিত এজন নেতাই ছাগলী উছৰ্গা কৰিলে যজ্ঞত অৰিহণাও দিলে ১১,০০১ টকা৷ গোপনে কৰা এই পূজাৰ খবৰ কিন্তু আমি লাভ কৰিলো বিশেষ নেতাজনে যজ্ঞত ঘৃতাহুতি দি প্ৰতিদ্বন্দ্বী নেতাজনৰ পতনৰ কামনা কৰিলে সকলো কথা অৱশ্যে তেওঁ পৰিকল্পনা অনুসৰি গোপনেই সম্পাদন কৰিছিল কিন্তু মনোকামনাৰ কথা অসমৰ শক্তিশালী নেতাজনে পূজাৰীক কবলগীয়া হলসেই সূত্ৰৰ আঁত ধৰিয়েই আমি লাভ কৰিছোঁ বিস্তাৰিত তথ্য অসমৰ কোন স্থানৰ মন্দিৰত এই ব*লিপূজা হৈছিল সেই কথা আমি এতিয়াই কৈ নিদিওকিন্তু কৈ থওঁ যে গুৱাহাটীত নেতাজনে পূজাভাগ পতা নাছিল কাৰোবাৰ চকুত পৰাৰ ভয়ত পূজা পাতিছিল গুৱাহাটীৰ বাহিৰৰ শক্তিপীঠত দলত ক্ৰমে গুৰুত্বহীন হৈ পৰা নেতাজনে এজন প্ৰতিদ্বন্দ্বীৰ পতনৰ কামনাৰে যজ্ঞত ঘৃতাহুতি দিছিল তাৎপৰ্যপূৰ্ণভাৱে যজ্ঞ অনুষ্ঠিত কৰা নেতাজনৰ যাৰ পতন কামনা কৰিছে, সেইজনৰ সৈতে আকৌ তেওঁৰ ব্যক্তিগত সম্পৰ্ক ভাল তদুপৰি ৰাজনৈতিকভাৱে এটা পক্ষতে তেওঁলোকে অৱস্থান কৰি আছে তথাপি নিজৰ অস্তিত্ব বিপন্ন হৈ পৰাৰ ভয়ত তেওঁ বলিপূজা কৰিলে ১১,০০১ টকা অৰিহণাও দিলে নেতাজনে