মদ খোৱাৰ ফলতে সৰ্বনাশ হৈছে কলে বেয়া শুনি কিন্তু সত্য এয়াই আকণ্ঠ সুৰাপান কৰি ডেকাকালতে বেয়া কৰি লৈছে লিভাৰ তাৰ পিছত পৰিয়ালক সৰ্বহাৰা কৰি ডেকাকালতে সামৰিছে জীৱন এই ঘটনাৰ প্ৰকোপ অসমত ইমানেই বাঢ়িছে যে কৈ কৈ আমি শেষ কৰিব নোৱাৰা হৈছোঁ উজনিত এজন বিখ্যাত লোকৰ মৃত্যুৱে ভয়াৱহতা উদঙাই দিছে ৰোগত আক্ৰান্ত হোৱাৰ পিছত সুৰাসক্তি নাই বুলি দাবী কৰিলেও লিভাৰৰ সমস্যাত ভুগি থকা ৭০ শতাংশ ৰোগী হৈছে সুৰাপায়ী চিকিৎসকে প্ৰকাশ কৰা অনুসৰি জেনেটিক কাৰণত অসমৰ ৩০ শতাংশ লোকহে লিভাৰৰ ৰোগত আক্ৰান্ত হৈছে অৱশিষ্ট ৭০ শতাংশ হৈছে দৈনিক সুৰাপানৰ অভ্যাস থকা লোক ফলত বৰ্তমান অসমৰ পৰা হায়দৰাবাদলৈ যোৱা প্ৰতিখন ৰে’লতে ওলাইছে উজনি অসমৰ কমেও তিনিজনকৈ ৰোগী তেওঁলোকে মদ খাই বিকল কৰা লিভাৰৰ চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে জীয়াতু ভুঞ্জিবলগীয়া হৈছে তদুপৰি এইসকল লিভাৰৰ ৰোগীৰ চিকিৎসাৰ ৰিপ’ৰ্টতো ডাক্টৰে লিখি দিছে এলকহলিক বুলিফলত তেওঁলোকে চিকিৎসা বীমাৰ উপযোগিতা পোৱা নাই লিভাৰৰ ৰোগত আক্ৰান্ত হোৱাৰ ফলতে শেহতীয়াকৈ এজন বিখ্যাত লোকে অকালতে সামৰিছে জীৱন নাট ৰোগ ধৰা পৰাৰ পিছত সুৰাপানৰ অভ্যাস বাদ দিয়া লোকজনে কিন্তু বহুদিন পূৰ্বেই জানিছিল ভয়াৱহতাৰ কথামুঠতে লিভাৰ সংৰোপণৰ বাবে ৪০ লাখ টকা পকেটত নথকালৈ কোনেও নাখাব মদঅন্যথা চিকিৎসাৰ নামত সৰ্বস্বান্ত হব পৰিয়ালমদ খাব আপুনিপৰিণাম ভুগিব কিন্তু পৰিয়ালে