অসমৰ ৰাজনীতিত এতিয়াও আছে আন্না হাজাৰেৰ প্ৰভাৱ
হয়, অবান্তৰ যেন লাগিলেও এয়াই সত্য
আন্না হাজাৰে ফৰ্মুলাই বৰ্তমানো প্ৰভাৱিত কৰি আছে ৰাজনীতি৷ সেই দুৰ্নীতি বিৰোধী আন্দোলনৰ পৰা জন্মা প্ৰথমটো ৰাজনৈতিক শক্তিয়েই আছিল অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী৷
বৰ্তমান দিল্লীত চৰকাৰ গঠন কৰা দলটোক কিন্তু বহুতে বিজেপিৰ বি টীম হিচাপেই অভিহিত কৰে৷ অসমৰ সদ্যসমাপ্ত উপ-নিৰ্বাচনতো দলটোৱে যে বিজেপিৰ সৈতে বুজাবুজি কৰি প্ৰাৰ্থী দিছিল সেয়া স্বীকাৰো কৰিছে শীৰ্ষ নেতৃত্বই৷
সেইদৰে অসমতো দুৰ্নীতি বিৰোধী আন্দোলনৰ ঔৰসত জন্ম হোৱা এটা দলে আৰম্ভ কৰিছে ৰহস্যময় ৰাজনৈতিক কুচকাৱাজ৷ মিত্ৰতাৰ ধৰ্ম পালন নকৰি সেই বিশেষ দলটোৱে আৰম্ভ কৰিছে একক ৰাজনীতি৷
মিত্ৰজোঁটত আছে যদিও তেওঁলোকে চলাই আছে ভোট বিভাজনৰ ৰাজনীতি৷ ৰহস্যজনকভাৱে সেইটো দলৰো নেতাজন একালত আছিল টীম আন্নাৰ সদস্য৷
দিল্লীত আন্না হাজাৰেই অনুষ্ঠিত কৰা প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াইছিল অসমৰ নেতাজনে৷ আন্নাই কৰা ধৰ্মঘটকো সমৰ্থন কৰিছিল অসমৰ নেতাজনে৷
কিন্তু যিয়েই যি নহওক, আন্নাৰ আন্দোলন যে সোঁপন্থী শক্তিৰ দ্বাৰা প্ৰভাৱিত আছিল সেয়া ইতিমধ্যে প্ৰমাণিত হৈছে৷ তাৰ পিছত অৰবিন্দ কেজৰিৱালৰ দৰেই অসমৰ নেতাজনেও গ্ৰহণ কৰিছে ৰহস্যজনক স্থিতি৷