কিয় বিজেপিয়ে সুযোগ দিছে শৃংখলক?

শৃংখল বালাচাহেব থাকৰে
বীৰ শিৱাজীৰ কথা কৈ যিদৰে মহাৰাষ্ট্ৰত বাল থাকৰেৰ উত্থান ঘটিছিল, সেইদৰেই অসমৰ ৰাজনীতিতো মহাবীৰ লাচিতৰ কথাৰে জাতীয়তাবাদী শক্তিত পৰিণত হৈছে শৃংখল চলিহা৷
অখিল গগৈয়ে মদপী বুলি ঠাট্টা কৰিলেও প্ৰমাণিত হৈছে শিৱসাগৰত শৃংখলৰ শক্তি৷
কিন্তু ইয়াতে এটা প্ৰশ্নৰো উদ্ৰেক হৈছে৷ সেইটো হৈছে-
ৰাজনৈতিক জাতীয়তাবাদ অসমত বিফল প্ৰতিপন্ন হোৱাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ দৰে অসমতো সাংগঠনিক জাতীয়তাবাদ আৰম্ভ কৰিবলৈ কোনোবাই চেষ্টা কৰিছে নেকি?
এবাৰ কংগ্ৰেছী জয়ৰাম ৰমেশে কৈ দিছিল- মহাৰাষ্ট্ৰত ট্ৰেড ইউনিয়নৰ একচেতিয়া আধিপত্য হ্ৰাস কৰিবলৈ কংগ্ৰেছেই ধনেৰে সহায় কৰি শিৱসেনা জন্ম দিছিল৷ গতিকে একেই উগ্ৰ জাতীয়তাবাদী বীৰ লাচিত সেনাৰ বিষয়েও আমি সেই প্ৰশ্ন তোলাৰ অধিকাৰ আছে৷
কাৰ্যকলাপ দেখি প্ৰশ্ন হয়- বীৰ লাচিত সেনাও কোনো ৰাজনৈতিক দলৰ পোষ্যপুত্ৰ নেকি?
ৰাজনৈতিক উদ্দেশ্য সিদ্ধি সহস কৰি তুলিবলৈ কোনোবাই জন্ম দিছে নেকি বীৰ লাচিত সেনাক?
শৃংখল চলিহাৰ বাল থাকৰেৰ দৰে যি উগ্ৰ জাতীয়তাবাদী ভাবমূৰ্তি অসমত আৰম্ভ হৈছে তালৈ লক্ষ্য কৰি তেওঁ যে চিৰদিনলৈ সাংগঠনিক জাতীয়তাবাদেই কৰি থাকিব তাৰ আশা ক্ষীণ৷
গতিকে বালাচাহেবৰ দৰে শৃংখলো অনাগত সময়ত প্ৰধানতঃ উজনি অসমৰ আহোম জাতীয়তাবাদী পৰিচয় হৈ পৰাৰ সম্ভাৱনা আছে৷
বৰ্তমান ৰাজনৈতিক পন্থাৰেই শৃংখলে আৰম্ভ কৰিছে জাতীয়তাবাদী যাত্ৰা৷ শাসকীয় পক্ষয়ো ৰহস্যজনকভাৱে শৃংখলক আগবাঢ়িবলৈ দিছে সুযোগ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email