কিয় নগ্ন হ’ল কইনা

কিমান আৰু শাড়ী পিন্ধিব…
সেয়ে এইবাৰ বিকিনী পিন্ধি কইনা হ’ল লক্ষ্ণৌৰ সুন্দৰী৷ বিবাহৰ দিনটোত তেওঁ পৰিধান কৰিলে বেনাৰসী বিকিনী৷ কেৱল বক্ষপ্ৰদেশ আৰু যৌনাংগ ঢকা কাপোৰ পিন্ধি তেওঁ আৰম্ভ কৰিলে যুগ্মজীৱন৷
ইণ্টাৰনেটত ভাইৰেল হৈ পৰা বিয়াখনৰ দৰা-কইনাৰ নাম অৱশ্যে কোনেও নাজানিলে৷ কিন্তু কইনাজনীক চায়েই সকলো হৈ পৰিছে হতভম্ব৷
খবৰ অনুসৰি আলট্ৰা মডাৰ্ন কইনাৰ আচলতে শাড়ী পিন্ধিবলৈ নাছিল মুঠেও ইচ্ছা৷ একেদৰে লেহেংগা পৰিধানৰ বাবেও তেওঁ আগ্ৰহী নাছিল৷
গতিকে বেনাৰসী কাপোৰেৰে তৈয়াৰ কৰা বিকিনী পৰিধান কৰিবলৈয়েই তেওঁ সিদ্ধান্ত ল’লে৷ অৱশ্যে সাগৰৰ পাৰত ভ্ৰমণৰ দৰে বিকিনী পিন্ধা কইনাৰ দৰাই পিন্ধিলে শ্বেৰৱানী৷
এই খবৰ ইণ্টাৰনেটত বিয়পি পৰাৰ পিছতে ব্যস্ত হৈ পৰিল নেটিজেন৷ সকলোৱে খুচি উলিয়ালে বিকিনী পিন্ধা কইণ্টাৰ ফটো৷
পিছে শেষতহে ওলাল উৰহী গছৰ ওৰ৷ বৰ্তমান ফেক্ট চেকিঙত ফাদিল হোৱা অনুসৰি এই ফটোবোৰ এ আইৰ দ্বাৰা তৈয়াৰীহে৷ আচলতে কোনো কইনাই পিন্ধা নাছিল বেনাৰসী বিকিনী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email