চাইকেল চলাই লাভ নহ’ল ভৱেশ কলিতাৰ

চাইকেল চলালেও লাভ নাই, কেইদিনমানৰ পিছতে অপসাৰিত হ’ব ভৱেশ কলিতা৷
প্ৰদেশ বিজেপিৰ সভাপতি পদৰ পৰা ভৱেশ কলিতাৰ অপসাৰণ হৈ পৰিছে অনিবাৰ্য৷ ৰঙিয়াৰ বিধায়কৰ পৰিৱৰ্তে উজনিৰ এজন নেতাক কেন্দ্ৰীয় নেতৃত্বই সঁপি দিব প্ৰদেশ বিজেপিৰ সভাপতি পদ৷
বাজপেয়ী ভৱনৰ শীৰ্ষ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি সম্ভাৱ্য অপসাৰণৰ বিষয়ে ইতিমধ্যে উমান পাইছে ভৱেশ কলিতাই৷
সেই খবৰ মতেই সভাপতি হিচাপে বাছনি কৰা হৈছে উজনিৰ আহোম তপন গগৈক৷ যোৰহাটত পৰাস্ত হ’লেও তপন যে আহোম ভোটাৰক প্ৰভাৱিত কৰিবলৈ শক্তিশালী মুখ সেয়া বুজিছে কেন্দ্ৰীয় নেতৃত্বই৷ সেয়ে সৰ্বানন্দ সোণোৱাৰ মন্ত্ৰণাক্ৰমে তপনক সভাপতি হিচাপে বাছনি কৰা হৈছে৷
অৱশ্যে ভৱেশ কলিতাৰ উত্তৰাধিকাৰী হোৱাৰ দৌৰত আছে বিহালীৰ বঞ্চিত নেতা পল্লৱলোচন দাসো৷ তেওঁক ক্ষতিপূৰণ হিচাপে প্ৰদেশ বিজেপিৰ সভাপতি পদ দিয়াৰ কথা উলিয়াইছে শক্তিশালী লবীয়ে৷
কিন্তু দৌৰত যথেষ্ট আগবাঢ়ি আছে তপন গগৈ৷ গৌৰৱৰ বিৰুদ্ধে পৰাস্ত হ’লেও তপনক দিল্লীয়ে দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email