হঠাতে কিয় হ’ল মন সলনি

গৌৰৱ গগৈক কাষতে বহুৱাবলৈ বিচাৰিছে ৰাহুল গান্ধীয়ে৷ সেয়ে লোকসভাৰ বিৰোধী দলপতিয়ে বিচাৰিছে সন্মুখৰ শাৰীৰ আসন বৰ্তমান নিম্নসদনত দলটোৰ আছে ৯৯ সাংসদ৷ সকলোকে ক্ৰম অনুসৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আসন প্ৰদান কৰিছে৷ পিছে গৌৰৱ গগৈক সদনৰ সন্মুখৰ আসনত বহুৱাবলৈ ৰাহুলে ইচ্ছা কৰিছে৷ সেয়ে বিচৰা হৈছে প্ৰথম চাৰিটা শাৰীৰ ভিতৰত আসন প্ৰাপ্ত তথ্য অনুসৰি দলপতি ৰাহুল গান্ধীয়ে এই সুবিধা বিচাৰি অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ সেই চিঠিখনত চাৰিজন সাংসদৰ নাম উল্লেখ কৰা হৈছে৷ গান্ধী পৰিয়ালৰ ঘনিষ্ঠ তথা আলাপুজ্জাৰ সাংসদ কে চি বেণুগোপাল, মাৱেল্লিক্কাৰাৰ সাংসদ কোড়িকুনিল সুৰেশৰ উপৰি গৌৰৱ গগৈৰ বাবেও ৰাহুলে সন্মুখৰ চাৰিটা শাৰীৰ ভিতৰত আসন বিচাৰিছে তদুপৰি নিজেও সন্মুখত বহিব বিচাৰিছে ৰাহুল গান্ধী৷ অৱশ্যে লোকসভাৰ বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধীয়ে প্ৰথমশাৰীতে আসন লাভ কৰিব৷ কিন্তু বাজেট অধিৱেশনত চৰকাৰক শ’লঠেকত পেলাবলৈ তিনি সতীৰ্থকো ৰাহুলে কাষতে বিচাৰিছে৷ বিশেষকৈ গৌৰৱ গগৈৰ জৰিয়তে সদনত কংগ্ৰেছ উপকৃত হ’ব বুলি ধাৰণা কৰিছে নেতাজনে৷ গতিকে তেওঁ পত্ৰ লিখিছে অধ্যক্ষলৈ৷ অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত জাননী প্ৰকাশ কৰা নাই লোকসভা সচিবালয়ে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial