হঠাতে উদ্ধৱৰ চূড়ান্ত সিদ্ধান্ত

মীমাংসা কৰিব নোৱাৰাকৈ কাজিয়া লাগিছে ইণ্ডিয়াৰ নেতাসকলৰ কংগ্ৰেছে আধিপত্য বিস্তাৰৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি মৰ্চা ত্যাগ চূড়ান্ত কৰিছে শিৱসেনাৰ উদ্ধৱ থাকৰে ফৈদে মহাৰাষ্ট্ৰত আশাতীত পৰাজয়ৰ পিছত কঠোৰ সিদ্ধান্ত গ্ৰহণৰ অৰ্থে বাধ্য হৈছে বালাচাহেবৰ পুত্ৰ ৰাজনৈতিক অস্তিত্ব যাতে নি:শেষ হৈ নাযায় তাৰ বাবে পূৰ্বৰ হিন্দুত্ববাদী স্থিতিলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ উদ্ধৱ প্ৰস্তুত হৈছে শেহতীয়া খবৰ অনুযায়ী বিভাজিত শিৱসেনাৰ ইউ বি টি ফৈদৰ কুৰিজন বিধায়কে বান্ধি দিছে চৰমসীমা মহাৰাষ্ট্ৰৰ নিৰ্বাচনত দলটো কংগ্ৰেছ আৰু শাৰদ পাৱাৰৰ এন চি পিৰ সৈতে যুটি বান্ধি বিফল হোৱাৰ পিছত তেওঁলোক উদ্ধৱৰ সৈতে আলোচনাত মিলিত হৈছিল উক্ত বৈঠকত শিৱসেনাৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰূপণ কৰিবলৈ সেইসকলে দলৰ মুৰব্বীক আহ্বান জনালে ধৰ্মনিৰপেক্ষ স্থিতিৰে যে শিৱসেনাৰ দৰে দলে সফলতা অর্জন কৰিব নোৱাৰে সেয়াও বিধায়কসকলে বিশ্লেষণ কৰিছে খবৰ মতে ১৭ জন বিধায়কে মহা বিকাশ আঘাড়ী ত্যাগ কৰিবলৈ উদ্ধৱক দিছে চৰমসীমা যদি এই সময়ৰ ভিতৰত শিৱসেনাৰ ইউ বি টি ফৈদে কংগ্ৰেছৰ সংগত্যাগ নকৰে তেন্তে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব নিৰ্বাচিত বিধায়কে৷ অৰ্থাৎ তেওঁলোকে বৰ্তমান দিছে দলত্যাগৰ ভাবুকি

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial