দেশৰ প্ৰতি ইমান ঘৃণা

হিন্দু নিধন অভিযান চলিয়েই আছে বাংলাদেশত ভাৰতৰ প্ৰতি অহেতুক ঘৃণা পুহি ৰখা ৰাষ্ট্ৰখনত প্ৰাণৰ শংকাই আতংকিত কৰিছে সংখ্যালঘুক ঘৃণাৰ প্ৰকোপ ইমানেই বাঢ়িছে যে শিক্ষানুষ্ঠানৰ পদূলিতে কাৰ্পেটৰ দৰে পাৰি দিয়া হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা বাংলাদেশ ইউনিভাৰ্ছিটী অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী অৰ্থাৎ বুৱেটৰ গে’টত এখন ত্ৰিৰংগা পতাকা পাৰি থোৱা হৈছে যাৰ ওপৰেৰে পাৰ হৈছে ছাত্ৰ-ছাত্ৰী৷ তাৰ মাজতে অৱশ্যে ন্যায়পালিকাই ৰদ কৰিছে ইস্কনৰ নিষিদ্ধকৰণৰ আবেদন আন্ত:ৰাষ্ট্ৰীয় কৃষ্ণ উপাসক সংস্থাটোৰ বিৰুদ্ধে প্ৰতিবন্ধক জাৰি কৰিবলৈ চৰকাৰীভাৱে জনোৱা প্ৰস্তাৱ হাইক’ৰ্টে খাৰিজ কৰিছে খবৰ অনুসৰি ঢাকা হাইক’ৰ্টত গোচৰীয়া পক্ষৰ হৈ ইস্কনৰ বিৰুদ্ধে যুক্তি দৰ্শাইছিল বাংলাদেশৰ নামজ্বলা উকীল মণিৰ উদ্দিনে তেওঁ একাধিক তথ্যসহ সংস্থাটোক কট্টৰ হিন্দুত্ববাদী বুলি অভিহিত কৰিছিল বাতৰি কাকতত ইস্কনৰ বিৰুদ্ধে প্ৰকাশিত খবৰো ন্যায়ালয়ত তেওঁ তথ্য হিচাপে দাখিল কৰিছিল সংস্থাটোক চট্টগ্ৰাম, দিনাজপুৰ আৰু ৰংপুৰত নিষিদ্ধ কৰিবলৈ কেবাঘণ্টাও যুক্তি দৰ্শাইছিল অধিবক্তাজনে পিছে দেৱাশিস ৰয় চৌধুৰী আৰু ফাৰা মেহবুবৰ বিচাৰপীঠে এই তথ্যৱলী মানি নল’লে ন্যায়াধীশে ইস্কনৰ কাৰ্যাৱলীৰ বিষয়ে অনুসন্ধানৰ ব্যৱস্থা কৰিবলৈ অৱশ্যে দেশখনৰ মহাধিবক্তাক নিৰ্দেশ দিছে কিন্তু সংস্থাটোক নিষিদ্ধ কৰা নহয় বুলি ঘোষণা কৰিছে ন্যায়ালয়ে৷ আনহাতে নিৰ্দোষ পুৰোহিতক গ্ৰেপ্তাৰ কৰি ভাৰতকহে হুংকাৰ দিছে বাংলাদেশৰ মৌলবাদী চৰকাৰে চিন্ময় কৃষ্ণদাস ব্ৰহ্মচাৰী নামৰ পুৰোহিতজনক অজ্ঞাত স্থানত ৰখাৰ পিছত নতুন দিল্লীয়ে পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল৷ এই বিষয়ে চিন্তা ব্যক্ত কৰিছিল ভাৰত চৰকাৰে কিন্তু সমগ্ৰ প্ৰসংগ অভ্যন্তৰীণ বিষয় হিচাপে অভিহিত কৰিছে মহম্মদ ইউনুছ চৰকাৰে৷ একেসময়তে চিন্ময় কৃষ্ণদাস ব্ৰহ্মচাৰীক অবিলম্বে মুক্তিৰ দাবী তুলিছে নিৰ্বাসিত শ্বেখ হাছিনাই

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email