জহন্নামে গ’ল অসম

আগৰ দৰে এতিয়া সুজলা-সুফলা নহয় অসম মাটি খান্দিলেই আগেয়ে পানী ওলোৱা ৰাজ্যৰ ভূ-গৰ্ভ শুকাই গৈছে গতিকে অসম হৈ পৰিছে শুকান প্ৰদেশ৷ সচৰাচৰ হিন্দী বলয়ৰ তুলনাত জলসম্পদত চহকী অসমৰ ভূ-গৰ্ভৰ বিচিত্ৰ পৰিৱৰ্তন হৈছে প্ৰতিবছৰে বানে ধুই নিয়া নদী প্ৰধান ৰাজ্যও অনাগত সময়ত উত্তৰ প্ৰদেশ অথবা ৰাজস্থানৰ দৰে হৈ পৰিব পানীৰ অভাৱত জৰ্জৰিত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰ্যালয়ৰ তথ্যই দিছে এই আসন্ন ভয়াৱহতাৰ সংকেত আজি লোকসভাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি বিভাগীয় মন্ত্ৰীয়ে ১০ বছৰৰ ভিতৰতে হোৱা পৰিৱৰ্তনৰ তথ্য প্ৰদান কৰিছে প্ৰকাশিত তথ্য অনুসৰি ২০১৩ চনত অসমৰ ভূ-গৰ্ভৰ পৰা উলিয়াব পৰা জলৰ পৰিমাণ আছিল ২৮.৯ কোটি ঘন মিটাৰ এই হাৰ ২০১৭ চনত ২৪.২৬ কোটি ঘন মিটাৰলৈ কমিছিল৷ ২০২০ চনত ২১.৯৬৬ ঘন মিটাৰলৈ হ্ৰাস পাইছিল ভূ-গৰ্ভস্থ পানীৰ পৰিমাণ দুবছৰৰ পূৰ্বে অসমৰ মাটিৰ তলত থকা পানীৰ পৰিমাণ হৈছিল ২১.৪ কোটি ঘনমিটাৰ কিন্তু ২০২৩ চনত ২০.৯১ কোটি ঘনমিটাৰলৈ এই মাত্ৰা কমিল অৰ্থাৎ ২০১৩ৰ পৰা ২০২৩ চনলৈ অসমৰ ভূ-গৰ্ভস্থ পানীৰ পৰিমাণ ৮০০ কোটি ঘনমিটাৰ হ্ৰাস পালে এটা দশকৰ ভিতৰতে ৰাজ্যৰ ভূ-গৰ্ভ শুকাই গ’ল এই ক্ৰম:হ্ৰাসমান পৰিমাণ আসন্ন ভৱিষ্যতৰ বাবে চিন্তনীয় বিষয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে প্ৰদান কৰা তথ্যই ভৱিষ্যতৰ ভয়াৱহতাকে প্ৰতিফলিত কৰিলে

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email