গোচৰৰ হেঁচাত শ্বাসৰুদ্ধ হৈ পৰিছে ন্যায়পালিকা অমীমাংসিত গোচৰৰ বাবে ভাৰতৰ ন্যায়তন্ত্ৰ কূজা হৈ পৰিছে সমগ্ৰ আইনী প্ৰণালী অনলাইন কৰা হৈছে, ভাৰ্ছুৱেল শুনানীও অনুষ্ঠিত কৰিছে ন্যায়াধীশে তথাপি কিন্তু কমা নাই গোচৰৰ বোজা৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়তে বৰ্তমান নিষ্পত্তি নোহোৱাকৈ আছে ৮২,৫১১টা গোচৰ এইসমূহৰ শুনানী আৰম্ভ কৰাৰ বাবেও ন্যায়াধীশক বহু সময়ৰ প্ৰয়োজন হৈছে অগ্ৰাধিকাৰৰ ভিত্তিত বিচাৰ আৰম্ভ কৰা হয় যদিও অসমীমাংসিত গোচৰৰ সংখ্যা বাঢ়িয়েই আছে একেদৰে সকলো উচ্চ ন্যায়ালয়তে নিষ্পত্তি নোহোৱাকৈ আছে মুঠ ৬,১১,০২৮টা গোচৰ ইয়াৰে লক্ষাধিকৰ এইপৰ্যন্ত শুনানীয়েই আৰম্ভ হোৱা নাই যদি কাইলৈৰ ভিতৰতে সকলো গোচৰৰ বিচাৰো আৰম্ভ হয় তেনেহ’লেও মীমাংসাৰ বাবে ১০০ বছৰ সময় লাগিব অৱশ্যে নিম্ন আদালততো সমাধানবিহীন গোচৰৰ সংখ্যা কম নহয় সত্ৰ ন্যায়ালয়ত কোটিৰ ঘৰত গোচৰৰ অভিযোগ-পত্ৰ মীমাংসা নোহোৱাকৈ ফাইলতে সোমাই আছে সকলো ছেচন ক’ৰ্টত এতিয়া ৰুজু হৈ আছে ৪,৫৪,৭৯,২৪৫টা গোচৰ এইবোৰৰ বিচাৰ কৰিবলৈ বহু ন্যায়ালয়ত নাই পৰ্যাপ্তসংখ্যক ন্যায়াধীশ অৰ্থাৎ দেশত ৰুজু হৈ থকা গোচৰ মীমাংসা কৰিবলৈ অনাগত এটা শতিকাৰো প্ৰয়োজন হ’ব পাৰে