ফাৰ্মৰ ২০ হাজাৰ টকাৰ ব্ৰইলাৰ খালে

পশুপ্ৰেমৰ নামত কেৱল কুকুৰৰ প্ৰতি সহানুভূতি দেখুওৱা পাষণ্ডক কৈছোঁ কেৱল ডগী লাভাৰ বুলি নিজকে জহাই ফুৰাসকলৰ মনত আচলতে কোনো বেদনা নাই শেহতীয়াকৈ ৰাজ্যত কুকুৰ নিধনৰ যি ঘটনা ঘটিল সেয়া অমানৱীয় দোষীক শাস্তি বিহিবই লাগিব কিন্তু সেই ঘটনাটোৰ প্ৰচাৰ কৰি নাটকীয় সুৰত কথা কোৱাসকলো কোনো কুকুৰপ্ৰেমী নহয় আমি লাভ কৰা খবৰ অনুসৰি উক্ত ব্যক্তিজনৰ ফাৰ্মৰ ৫৭টা ব্ৰইলাৰ মুৰ্গী কুকুৰজনীয়ে কামুৰিছিল৷
গতিকে খঙত উন্মাদ হৈ সেই পাষণ্ডই নতুনকৈ মাক হোৱা কুকুৰজনীক মাৰিলে তাৰ পিছত গঞাই হত্যাকাৰীক ধৰিলে৷ কিন্তু কথাটো হৈছে- ভোকত পাগল হৈ থকা কুকুৰজনীক সেইখন গাঁৱৰ মানুহে ভাত কেইটামানো তাৰ আগলৈ দিব পৰা কিয় নাছিল? পোৱালি জগাৰ পিছত ভোকাতুৰ হৈ পৰা কুকুৰজনীক কিন্তু আগমুহূৰ্তলৈ সকলোৱে লেইলেই চেইচেই কৰিছিল এতিয়া ঘটনাৰ পিছত সেইসকলো ডগ লাভাৰ হৈ পৰিল আচল কথাটো হৈছে, কুকুৰৰ সংখ্যাবৃদ্ধিৰ বাবে গাঁৱৰ গৰু-ছাগলী বা কুকুৰা পালক অতিষ্ঠ হৈছে৷ অপকৰ্ম কৰা লোকজনৰে প্ৰায় ২০ হাজাৰ টকাৰ ব্ৰইলাৰ কুকুৰজনীয়ে কামুৰি মাৰিছিল গতিকে অনৰ্থক চিঞৰ-বাখৰ কৰাতকৈ সকলোৱে
বিচাৰি উলিৱাওক সমাধানৰ পথ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial