পুতুল গগৈৰ কথা মনত আছেনে?

পটল নহয় পুতুল গগৈহে এতিয়া আমগুৰিৰ বিখ্যাত নন্দনবন নামৰ যিখন ৰেস্তোৰাঁ, সেইখনৰ মালিক একালৰ অসমৰ সবাতোকৈ চৰ্চিত ব্যক্তি আছিল নাম তেওঁ পুতুল গগৈ আইলৰ পাইপত ফুটা কৰি তেল উলিয়াবলৈ ঘৰতে একালত দমকল বহুৱাই লৈছিল পুতুল গগৈয়ে তেনেকৈ তেল উলিয়াই ঘৰতে খাদ এটাৰ দৰে টেংকাৰত পুতুল গগৈয়ে তেল বিক্ৰী কৰিছিল তাৰ পিছতে গগৈ কিন্তু জে’লত সোমাল পিছে ধন সম্পত্তিৰে এতিয়াও ধনী মানুহেই হৈ আছে পুতুল গগৈ তেওঁ বৰ্তমান নন্দনবন নামৰ ৰেস্তোৰাঁখনৰ মালিক৷ কিন্তু বৰ্তমান শিলসাগৰৰ কাষৰে যোৰহাটত ওলাইছে পুতুল গগৈৰ নতুন অৱতাৰ পুলিবৰ থানাৰ এলেকাৰ পুৰণিমাটি ন-পমুৱা গাঁৱৰ অইল পাইপ লাইনৰ পৰা তেল চোৰ নিকুৰঞ্জন গগৈক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ দুলীয়াজানৰ পৰা নুমলীগড়লৈকে তেল সৰবৰাহ হৈ থকা অইল পাইপ লাইনৰ পৰা পুৰণিমাটিৰ ন-পমুৱা গাঁৱত পাইপ লাইন ফুটা কৰি তেল চুৰি কৰিছিল নিকুৰঞ্জনে৷ তাৰ বাবে ড্ৰীল মেচিন, কোৰ, বেলছাও গোটাই থৈছিল এইজন লোকে৷ কিন্তু কিছুদিন দুষ্কৰ্ম কৰাৰ পিছতে তেওঁ ধৰা পৰিল৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি, খ্যাতি, ভুবনকে ধৰি কেবাজনকো৷
কিন্তু আচৰিত কথাটো হৈছে, পুলিবৰ থানাৰ OC বদলি হোৱাৰ পিছতে এইসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ তদুপৰি পৰাণ নামৰ আৰু এজন লোকৰ সৈতে ওপৰ মহলাৰ চিনাকি হৈ পৰিছে সন্দেহৰ বিষয়৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial