কাঠমোল্লাৰ হিন্দুবিৰোধী অভিযান

ইস্কন হৈছে সন্ত্ৰাসবাদী সংগঠন হিন্দুধৰ্মীয়ে পৱিত্ৰ বুলি গণ্য কৰা এই সংস্থাই মৌলবাদত সাৰ-পানী যোগাইছে অৰ্থনীতিৰ ন’বেলজয়ী মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰে এই বিবৃতিৰে জ্বলা জুইত ঘৃতাহুতি কৰিলে দেশখনত কাঠমোল্লাৰ হিন্দুবিৰোধী অভিযানৰ সময়ত ইস্কনক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিলে অন্তৰ্ৱতীকালীন প্ৰশাসনে শেহতীয়া নৈৰাজ্যৰ বিষয়ত বাংলাদেশৰ উচ্চ ন্যায়ালয়ত ইউনুছক চৰকাৰে শপতনামা দাখিল কৰিছে য’ত ইস্কনৰ বাবেই ধৰ্মীয় কন্দলৰ সূত্ৰপাত হোৱা বুলি দাবী কৰিছে প্ৰশাসনে৷ কিন্তু দেশব্যাপী সংখ্যালঘু হিন্দু সংঘটিত হোৱা নিৰ্মম নিৰ্যাতনৰ বিষয়ে গোপনে কৰিবলৈ চেষ্টা কৰিছে মহম্মদ ইউনুছে জগত নিয়ন্তা শ্ৰীকৃষ্ণৰ কথা বিশ্বজুৰি প্ৰচাৰ কৰা আন্ত:ৰাষ্ট্ৰীয় সংগঠন ইস্কনকে সাম্প্ৰদায়িক সংঘাতৰ হোতা বুলি সেনা নিযুক্ত চৰকাৰে অভিহিত কৰিলে মুক্তিযুদ্ধ আৰু বাংলাদেশৰ শেহতীয়া বানৰ সময়তো নাগৰিকক সাহায্য প্ৰদান কৰা সংস্থাটোকে প্ৰশাসনে হিন্দু মৌলবাদী বুলিয়েই দিছে অভিধা৷আনহাতে শেহতীয়াকৈ ছৰিফুল ইছলাম নামৰ এজন অধিবক্তাক হত্যাৰ গোচৰত ডেৰকুৰিৰো অধিক হিন্দু অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে তদন্তকাৰীৰ মতে তেওঁলোকেই টঙনিয়াই হত্যা কৰিছিল মুছলমান অধিবক্তাক একপ্ৰকাৰ মৌলবাদীৰ সমৰ্থনপুষ্ট চৰকাৰৰ চকুৰ সন্মুখতে বাংলাদেশত চলি আছে হিন্দু নিৰ্যাতন প্ৰায় তিনিহাজাৰ হিন্দু লোকে এসপ্তাহৰ ভিতৰত ইছলাম কবুল কৰিবলৈ বাধ্য হৈছে এই প্ৰসংগত কিন্তু সম্প্ৰতি মাত মাতিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনাইছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial