ফটাকানিপৰ্যন্ত সকলোবোৰ চামগুৰিলৈ কঢ়িয়াই নিলে ৰকিবুল হুছেইনে পুত্ৰৰ পৰাজয়ৰ পিছত আশাত চেঁচাপানী পৰিল যেতিয়া পৰহিয়েই ৰকিবুলে খালি কৰিলে MLA হোষ্টেলৰ কোৱাৰ্টাৰ কিন্তু ৰকিবুলে যেনেকৈ ঘৰ খালি কৰিলে সেয়া দেখিহে সকলো হতভম্ব হ’ল বিধায়কে কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত ঘৰ খালি কৰে যদিও প্ৰায়বোৰ বস্তুৱেই নিৰাপত্তাৰক্ষীক উপহাৰ দি যায়৷ বৃন্দাবন গোস্বামীৰ পৰা আদি কৰি সকলোৱেই পুৰণি ফ্ৰীজ, ৱাশ্বিং মেচিনবোৰ প্ৰহৰীক উপহাৰ দিছে৷ কংগ্ৰেছৰ কেবাজনো ভগা বিধায়কে ছোফা-ছেটো ঘনিষ্ঠক দি গৈছে৷ সচৰাচৰ হোষ্টেলৰ প্ৰহৰী হিচাপে নিয়োজিত কনিষ্টবলেই পাই বিধায়কৰ সামগ্ৰী৷ কিন্তু ৰকিবুলে খালি কৰি কঢ়িয়াই লৈ গ’ল সকলো সামগ্ৰী তেওঁৰ টেবুল ফেনখন বিচাৰিছিল এজন কনিষ্টবলে৷ কিন্তু ৰকিবুলৰ পত্নীয়ে একোৱেই কাকো নিদিলে৷
এচিটোও খুলি লৈ গ’ল৷ ছোফা-ছেট গাড়ীত উঠাই চামগুৰিলৈ নিয়া হ’ল চিলিং ফেনো গুৱাহাটীৰ পৰা ৰকিবুলৰ পত্নীয়ে চামগুৰিলৈ চালান দিলে৷ অৰ্থাৎ এতিয়া গুৱাহাটীত ঠিকনাবিহীন হৈ পৰিল ৰকিবুল ভগা টেবলৰ পৰা পুৰণি চকীখনপৰ্যন্ত কোনো সামগ্ৰীৰেই মোহ এৰিব নোৱাৰিলে ৰকিবুলে