দীপ্লুৱে মিঠাই খুৱায়েই আছে

কান্দিয়েই আছে তাঞ্জিল হুছেইনে পিতৃৰ দৰে অপৰাজিত হৈ থকাৰ সপোন পূৰ্ণ নোহোৱাৰ বেদনাই দহিছে তাঞ্জিলক কেতিয়াও তেওঁ ভবা নাছিল, চামগুৰিৰ মিঞাই ৰাম ঠগন দিব বুলি, কিন্তু এইবাৰ সপোনতো নভবা কথাটোৱেই দিঠক হ’ল দেউতাক কেতিয়াও কোনো নিৰ্বাচনতে হৰা নাই৷ চামগুৰিত প্ৰতিটো নিৰ্বাচনতে জিকিছে ৰকিবুল৷ শেষত বদৰুদ্দিন আজমলক ৰাজনৈতিকভাৱে বধ কৰিও ৰকিবুল বিজয়ী হৈছে৷ সেইদৰেই চামগুৰিত দখল স্যবস্ত কৰিম বুলি ভাবিছিল তাঞ্জিলে৷ কিছুদিন জিনছৰ শ্ব’ৰূমৰ মালিক হৈ থকা তাঞ্জিলৰ কিন্তু এইবাৰেই MLA হোৱাৰ মনো নাছিল পিছে পিতৃয়েহে জোৰকৈ দিলে নিৰ্বাচনৰ টিকট৷ তাৰ পিছতো ভয় খাইছিল তাঞ্জিলে পিছে মাতৃয়ে গান গাই ভয় ভাঙিছিল তাঞ্জিলৰ৷ নিৰ্বাচনী সভাত মাতৃয়ে গান গোৱাৰ পিছত জিকিম বুলি খাটাং হৈছিল তাঞ্জিল পিছে ভবামতে কাম নহ’ল, হাজাৰ বিজাৰ ভোটত হাৰি থাকিল তেওঁ তাৰ পিছৰে পৰা এতিয়ালৈ বিছনাতে আছে তাঞ্জিল৷ মাতৃয়েও ভাত খুৱাব পৰা নাই পুত্ৰক নিৰ্বাচনত হাৰি ৰকিবুলৰ পুত্ৰই লঘোণ দিছে৷ চিন্তাত পৰিছে ৰকিবুল

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial