কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে!

বোলো শুনকচোন আমি ৰৈ আছোঁ ৰকিবুল হুছেইনক থানালৈ মাতি নি কেতিয়া জেৰা কৰা হ’ব তালৈহে আমি বাট চাই আছোঁ চামগুৰিত প্ৰচাৰৰ সময়ত খোদ মুখ্যমন্ত্ৰীয়েই কৈছিল- ৰকিবুল হুছেইনে কংগ্ৰেছৰ আমোলত গৃহ ৰাজ্যমন্ত্ৰী হৈ থাকোতে পিচ দুৱাৰেদি চাকৰি দিছিল গতিকে এতিয়া সেইবোৰৰ তদন্ত কৰা হ’ব এতিয়া নিৰ্বাচন হৈ গ’ল গতিকে ৰকিবুলক জেৰা কৰি শাস্তি সোনকালে দিব লাগে অৱশ্যে BTRৰ নিৰ্বাচনৰ সময়ত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীয়ে হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলিছিল৷ নিৰ্বাচন শেষ হ’লেই হাগ্ৰামা জে’লত সোমাব বুলিও কৈ দিছিল মুখ্যমন্ত্ৰীয়ে৷ পিছে হাগ্ৰামাৰ একোৱেই কৰিব নোৱাৰিলে৷ যোৱাবাৰ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে আজমল ফাউণ্ডেশ্যনে সন্ত্ৰাসবাদীৰ লগত যুক্ত বিদেশৰ পৰা আৰ্থিক সাহায্য লোৱাৰ অভিযোগ আছে। গৃহ মন্ত্ৰ্যালয়ে ইয়াৰ উচিত তদন্ত কৰিব। কিন্তু ভোটিঙৰ পিছত সেই কথাটো ফুটুকাৰ ফেন হ’ল।
গতিকে এইবাৰ ৰকিবুলক কেতিয়া জেৰা কৰে তালৈহে আমি ৰৈ আছোঁ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial