যাত্ৰা ইমান সহজো নাছিল কঠিন আছিল ১৮ কোটিটকীয়া যশস্বী যাত্ৰা কুৰুক্ষেত্ৰৰ যুদ্ধলৈ যেতিয়া অভিমন্যু সাজু হৈছিল তেতিয়া তেওঁ বিচাৰিছিল শ্ৰীকৃষ্ণৰ আশীৰ্বাদ৷ সকলোকে বিজয়ী ভৱঃ বুলি আশীৰ্বাদ দিয়া জগতৰ নিয়ন্তা শ্ৰীকৃষ্ণই কিন্তু জানিছিল ভৱিষ্যতৰ কথা৷ সেয়ে শ্ৰীকৃষ্ণই অভিমন্যুক বিজয়ী ভৱঃ বুলি কোৱা নাছিল, শিৰত হাত থৈ কৈছিল যশস্বী ভৱঃ জগত নিয়ন্তাই কৈছিল- অলেখ যুদ্ধ হৈ আছে৷ কোনোবা জিকিছে, কোনোবা হাৰিছে৷ কিন্তু অভিমন্যু পৰাজিত হৈয়ো কাললৈ যশৰ অধিকাৰী হ’ব৷
সেয়াই হ’লো, শত্ৰুৰ চক্ৰবেহুত সোমাই অভিমন্যু বধ হ’ল, কিন্তু কাললৈ ৰৈ গ’ল যশ আৰু কীৰ্তি৷
আমাৰ যশস্বী জয়ছোৱালৰো সেয়াই হ’ল হীৰেন ভট্টাচাৰ্যই লিখিছিল- খেতিয়কৰ ল’ৰাৰ হাত বৰ পোন, কাড় টোঁৱাবলৈ পাৰে৷ একেদৰে ফুচকা বিক্ৰেতা যশস্বীৰো হাত বৰ খৰ, সেয়ে সঘনাই ঘূৰাব পাৰে বেট৷ তেওঁ আছিল উত্তৰ প্ৰদেশৰ সূৰ্যৱন নামৰ অখ্যাত ঠাইখনৰ ল’ৰা৷ শান্ত, নিৰ্জু প্ৰকৃতিৰ ল’ৰাজনৰ দুচকুত ক্ৰিকেট খেলাৰ আকাশলংঘী সপোন৷ ভৱিষ্যতে দেশৰ হৈ ক্ৰিকেট খেলিব৷ দেউতাকৰ আছে এখন সৰু হাৰ্ডৱেৰৰ দোকান৷ মাতৃ গৃহিণী৷ উচ্চমানৰ প্ৰশিক্ষণ দিবলৈ ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নহয়৷ ঠাইখনো পিছপৰা৷ সেয়ে দহবছৰীয়া যশস্বীয়ে এটা কঠোৰ সিদ্ধান্ত লৈ ঘৰ ত্যাগ কৰি মুম্বাই পালেগৈ ২০১১ চনত এখন বেট আৰু এটা মোনা লৈ যশস্বী আহি উপস্থিত হৈছিল মুম্বাইত পিছলৈ যশস্বীয়ে পানীপুৰী বা ফুচকাৰ দোকানত কাম কৰিলে৷ তাৰ মাজতে খেলিলে ক্ৰিকেট আজাদ ময়দানত যশস্বীয়ে দিন-ৰাতি একাকাৰ কৰি খেলিয়েই থাকিল৷ অলেখ সংগ্ৰামৰ পিছত সেইজন যশস্বীয়ে ২০২৩ চনৰ ১২ জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা অভিষেক টেষ্ট মেচতে শতক অৰ্জন কৰি নতুন এক অভিলেখ গঢ়িলে কম সময়ৰ ভিতৰতে ইটোৰ পিছত সিটো অভিলেখ গঢ়া যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱালক এইবাৰ ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিলে ১৮ কোটি টকাত